/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5437854b-6054-4006-972b-98bac30d3da7/kagaj_kal.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ দেশৰ ভিতৰতে উল্লেখনীয় সমবায় খণ্ডৰ লাভজনক উদ্যোগ কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কলত ব্যাপক অনিয়মৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে পৰিচালন মণ্ডলীৰ উপ-সভাপতিৰ হৈ চাফাই গাবলৈ সংবাদ মাধ্যমৰ কাষ চাপিল কলটোৰ পৰিচালন সঞ্চালক। মঙলবাৰে কলিয়াবৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত কলটোৰ একাংশ কৰ্মচাৰীয়ে অনুমানৰ ভিত্তিত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা বুলি দাবী কৰে পৰিচালন সঞ্চালক গুণমনি গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f47bece7-76e2-4f6c-94fb-3e50751f52e5/c825d89a_9a80_4986_bd6f_977de830bedf.jpg)
উৎপাদন পৰিচালক বিমল শৰ্মা উপস্থিত থকা সংবাদ মেল খনত অৱশ্যে কলটোৰ আন্তঃগাথনি উন্নয়ণৰ কাম নিম্ন মানৰ হোৱা প্ৰসংগ নুই কৰিব নোৱাৰিলে পৰিচালন সঞ্চলকগৰাকীয়ে । উল্লেখ্য যে,পৰিচালন মণ্ডলীৰ উপ-সভাপতি পলাশ বৰাৰ নিৰ্দেশত সংবাদ মেল অনুষ্ঠিত কৰা পৰিচালন সঞ্চালক গুণমনি গগৈয়ে চালে বেৰে কোবোৱা কথাৰে দুৰ্নীতিৰ প্ৰসংগ নস্যাৎ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/40d7585b-ea2a-49fc-9c05-ede4daf0c0fd/9635b703_e2bc_4a91_9203_1adac16239b3.jpg)
লক্ষনীয় যে, কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলত সংঘটিত ব্যাপক দুৰ্নীতি-অনিয়মৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছতে তোলপাৰ লাগিছে কলটোৰ ভিতৰে-বাহিৰে। অৱশেষত দুৰ্নীতি সন্দৰ্ভত চাফাই গাবলৈ সংবাদ মেল পাতিলে পৰিচালন সঞ্চালক গুণমনি গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/01a2cc8d-4b40-4913-a704-250485f15199/5051a00b_9f3a_4ff0_960f_ce1ea929c182.jpg)
উল্লেখ্য যে, উদ্যোগটোৰ পৰিচালনা মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক কলটোৰ ভিতৰ চ'ৰাত সংঘটিত দুৰ্নীতি-অনিয়ম সন্দৰ্ভত ১৩ টাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবীৰে এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল কলটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে। এই স্মাৰক পত্ৰ সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিছতে কঁপনি উঠিছে কল পৰিচালনা মণ্ডলীত।
বিশেষকৈ পৰিচালন মণ্ডলীৰ উপ সভাপতি পলাশ বৰাৰ নাম এই দুৰ্নীতিত সাঙোৰ খোৱাত এতিয়া উপ সভাপতি পলাশ বৰাৰ উদ্ধাৰ অভিযানত নামিছে কল পৰিচালনা মণ্ডলী। বিষয়া-কৰ্মচাৰীয়ে প্ৰদান কৰা দুৰ্নীতিৰ অভিযোগ নামাত উপ সভাপতিৰ নাম নাই, গতিকে উপ-সভাপতিগৰাকীক সাঙুৰি প্ৰকাশিত কলটোৰ দুৰ্নীতিৰ বাতৰিয়ে ক্ষতি কৰিব পাৰে কলটোৰ উন্নয়নত এই দাবী পৰিচালন সঞ্চালক গুণমনি গগৈৰ।
উল্লেখ্য যে, অসম চৰকাৰে কলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় ১০ কোটি টকা ঋণ আগবঢ়োৱাৰ লগতে কলৰ দ্বিতীয়টো উৎপাদন গোট নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে প্ৰায় ৪৪ কোটি টকা আৱন্টন দিছিল। কিন্তু এই বৃহৎ ধনৰাশিৰ অপচয় কৰাৰ লগতে নিৰ্মাণ কাৰ্যৰ নামত ব্যাপক অনিয়ম-দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল কলটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে।
ইফালে বিষয়া-কৰ্মচাৰীসকলে অনুমানৰ ভিত্তিত অভিযোগ দাখিল কৰিছে বুলি দাবী কৰাৰ বিপৰীতে অভিযোগ উত্থাপিত হোৱা নিৰ্মাণ কাৰ্যত ক'ত কিমান খৰচ কৰা হৈছে সংবাদ মেলত সেই তথ্য সদৰি কৰিবলৈ সক্ষম নহ'ল পৰিচালন সঞ্চালক গৰাকী। ইয়াৰোপৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই নৱ নিৰ্মিত ভৱনৰ দেৱালত ফাট মেলা সন্দৰ্ভত ঠিকাদাৰক ক্লীনশ্বীট দিয়াৰ বিপৰীতে মাটিৰ গুণাগুণৰ বাবেহে এনে হোৱা বুলি কয় পৰিচালন সঞ্চালক গুণমনি গগৈয়ে।
আনহাতে, কলটোৰ দ্বিতীয়টো ইউনিটৰ কৰ্মী থাকিবৰ বাবে নিৰ্মাণ কৰা চটাই বেৰৰ এই ঘৰটো নিৰ্মাণৰ নামত প্ৰায় ২১ লাখ টকা ব্যয় হোৱা প্ৰসংগতো কোনো সুদুত্তৰ দিব নোৱাৰিলে পৰিচালন সঞ্চালকগৰাকীয়ে। একেদৰে, কাৰখানাৰ হাইড্ৰেণ্ট পদ্ধতি (Hydrant system)ৰ কামৰ বাবে নগাঁৱৰ এম/এছ এ এণ্টাৰপ্ৰাইজ (M/S A. P Enterprise) নামৰ প্রতিষ্ঠানক ৯৩ লাখ ২৮ হাজাৰ ৮৮৬ টকা আৰু কলটোৰ দ্বিতীয়টো ইউনিটৰ কণ্টোল পেনেল আৰু ৰুম ডিজাইন (Control panel & Room design) আদি কামৰ বাবদ তেজপুৰৰ এম/ এছ ভিণ্টেজ (M/ S Vintage) নামৰ প্ৰতিষ্ঠানক ৬৫ লাখ ৮১ হাজাৰ ৩৯৬ টকা আৰু আভ্যান্তৰীণ ওৱাৰিং, এল টি কেবল মেকিং অফ পাৱাৰ ৰিচিভিং পেনেল (LT Cable making of power receiving panel) কামৰ বাবদ ৬২লাখ ৯৩ হাজাৰ ৩৯৭ টকাৰ কাম উচ্চ নিৰিখত প্ৰদান কৰা অভিযোগ সন্দৰ্ভতো কোনো উত্তৰ নাই কলটোৰ পৰিচালন সঞ্চাকলৰ হাতত।
উক্ত বৃহৎ বৃহৎ ঠিকা আৱন্টনৰ বিপৰীতে কোনো এখন বাতৰি কাকতত নিবিদা আহ্বানৰ বিজ্ঞাপন প্ৰকাশ নকৰাটো ৰহস্যজনক দিশ ৷ পৰিচালন মণ্ডলীৰ বিৰুদ্ধে উত্থাপিত ব্যাপক দুৰ্নীতি-অনিয়ম অভিযোগ খণ্ডন কৰিব নোৱাৰা পৰিচালন সঞ্চালকগৰাকীয়ে কেৱল উপ সভাপতি পলাশ বৰাক দোষমুক্ত কৰাৰ বাবেই সংবাদ মেল অনুষ্ঠিত কৰা প্ৰসংগইও সৃষ্টি কৰিছে ৰহস্যৰ। যদিহে কলটোৰ উন্নয়নৰ নামত কোনো দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাই নাই তেন্তে অভিযোগকাৰী বিষয়া-কৰ্মচাৰীসকলৰ অভিযোগ কিয় খণ্ডন কৰিব পৰা নাই কল পৰিচালন মণ্ডলীয়ে। এই লৈ এতিয়া সচেতন মহলত উত্থাপিত হৈছে প্ৰশ্ন।
Also Read: ঘিলামৰাৰ পথাৰ সদৃশ এটা পথে সকলোকে খুৱাইছে জ্বলা-কলা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us