ঘিলামৰাৰ পথাৰ সদৃশ এটা পথে সকলোকে খুৱাইছে জ্বলা-কলা...

ঘিলামৰাৰ পথাৰ সদৃশ এটা পথে সকলোকে খুৱাইছে জ্বলা-কলা...

ডিজিটেল সংবাদ, ঢকুৱাখনা: যি সময়ত ঢকুৱাখনাৰ বিধায়ক নৱ দলে সমষ্টিটোৰ সাংবাদিক সকলক ঘিলামৰাৰ দলীয় কাৰ্য্যালয়ত একত্ৰিত কৰি সফলতাৰ জয়গান গাইছে, তেনে সময়তে ঘিলামৰাৰ পথাৰ সদৃশ এটা পথে বিধায়ক দলেৰ তথাকথিত সফলতাৰ স্বৰূপ উদঙাই দিছে । বিধায়ক দলেয়ে অলপতে সমষ্টিটোৰ সংবাদকৰ্মীসকলক ঘিলামৰা বিজেপি কাৰ্য্যালয় লৈ মাতি নি সমষ্টিটোৰ সফলতাৰ খতিয়ান দাঙি ধৰি এখন সফল আৰু উন্নয়নমুখী ঢকুৱাখনাৰ দাবী কৰিছিল ।

পিছে ঘিলামৰাত এই উন্নয়ন কুক্ষীগতকৰণ সভা চলি থকাৰ সময়তে ঘিলামৰাৰ এটা গ্ৰাম্য পথত উপলব্ধ একাঠু পানী, বোকা খচকী দৈনিক দুৰ্বিসহ যাতায়ত কৰি দুৰ্ভোগ ভোগা ৰাইজে সামাজিক মাধ্যমত কৰা প্ৰচাৰে বিধায়কগৰাকীৰ তথা কথিত উন্নয়নৰ দাবীক জনদৃষ্টিত পুনৰবাৰ নসাৎ কৰিলে । তথ্য মতে ঘিলামৰা উন্নয়ন খণ্ডৰ অধিনৰ বৰদৈ বাম গাঁও পঞ্চায়তৰ অধিনৰ চিনাই গোঁহাই গাঁওৰ পৰা মেলেকি সংযোগী এটা গ্ৰাম্য পথেৰে বিগত সুদীর্ঘ কাল ধৰি চিনাই গোঁহাই গাঁওৰ নাগৰিকে যাতায়ত কৰি আহিছে ।

চিনাই গাঁও হৰি মন্দিৰৰ সমীপৰ পৰা মেলেকি লৈ যোৱাৰ অন্যতম এই পথটোৰে দৈনিক যাতায়ত কৰা নাগৰিকে বাৰম্বাৰ পঞ্চায়তখনৰ সভাপতি জয়ন্ত গগৈ, বিধায়ক নৱ দলেকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়াসকলক আবেদন জনাই আহিছিল পথটো যাতায়তৰ নূন্যতম সুব্যৱস্থা কৰি দিয়াৰ । দুদিনমান বৰষুণ দিলেই একাঠু পৰ্যন্ত পানী উঠি অবৰ্ণনীয় সমস্যাৰ সৃষ্টি কৰা, পথৰ ওপৰত মাটিত এফুট পৰ্যন্ত বোকা সৃষ্টি হৈ খোজেৰেও নিৰাপদ যাতায়ত ৰাখিব নোৱাৰা জটিল অৱস্থাৰ উদ্ভৱ হোৱা পথটোৰ সন্দৰ্ভত ভুক্তভোগী গঞাই বহুবাৰ দায়িত্বশীল পক্ষক অৱগত কৰাৰ পাছতো গা নলৰিল কৰ্তৃপক্ষৰ ।

চৰকাৰী উন্নয়নমূলক আঁচনিৰে উক্ত সদা ব্যৱহৃত পথটো নাগৰিকৰ বাবে  গুণগত আৰু সুবিধাজনক ভাৱে নিৰ্মাণ কৰিবলৈ বিধায়ক, পঞ্চায়ত সভাপতি কাৰো আহৰি নহ'ল। এইখিনি নাগৰিকক সীমাহীন সমস্যা, যন্ত্ৰণাত অতিষ্ঠ হৈ গাঁওখনৰ এগৰাকী সমাজ সচেতন যুৱতীয়ে সামাজিক মাধ্যমযোগে পানীযুক্ত পথৰ বাস্তৱিক  ফটোসহ প্ৰচাৰ কৰে ।

বিধায়ক দলেৰ তথাকথিত উন্নয়ন বিকাশৰ ধাৰাক উজুটি খোৱাই দিয়া এই "সামাজিক মাধ্যমৰ পোষ্ট"ৰ পাছতে নিজৰ উলংগ স্বৰূপ ঢাকিবলৈ পথছোৱা নিৰ্মাণৰ বাবে তৎপৰতা আৰম্ভ কৰা বুলি ভুৱা প্ৰচাৰত সভাপতিগৰাকী নামি পৰিছে বুলি ৰাইজৰ অভিযোগত প্ৰকাশ । ভুক্তভোগী ৰাইজৰ দাবী উন্নয়নৰ ভুৱা ছবিৰে আভুৱা ভাৰি অহাতকৈ বাস্তৱিক সমস্যাৰ  দূৰীকৰণ কৰাৰ মানসিকতা গঢ়ি তোলক জনপ্ৰতিনিধি সকলে । অন্যথাই ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি জনদৃষ্টিত বিধায়ক নৱ দলে, পঞ্চায়ত প্ৰতিনিধিৰ উলংগ স্বৰূপ মুকলি কৰি দিয়াৰ বাবে টঙালি বন্ধা বুলি জানিবলৈ দিছে  ।

ঘিলামৰাৰ পথাৰ সদৃশ এটা পথে সকলোকে খুৱাইছে জ্বলা-কলা...
শ-শ মহিলাই কঁপালে মায়ঙৰ ৰাজপথ; প্ৰতিবাদকাৰীক দেখি পলাল চৰকাৰী কৰ্মচাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in