নগাঁও জিলা আইন প্ৰাধিকৰণৰ মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা...

নগাঁও জিলা আইন প্ৰাধিকৰণৰ মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা...
নগাঁও জিলা আইন প্ৰাধিকৰণৰ মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা...

ডিজিটেল সেৱা কঠীয়াতলী: শুকুৰবাৰে নগাওঁ গমাৰীআটি প্ৰাথমিক বিদ্যালয়ত পশ্চিম গমাৰীআটি গাঁৱৰ শতাধিক পুৰুষ-মহিলাৰ উপস্থিতত বিশেষকৈ মানৱ সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, ঘনকান্ত বৰা, জ্যেষ্ঠ অধিবক্তা চাহিনা খানম,অৰ্ধ আইনী স্বেচ্ছাসেৱক পংকজ কুমাৰ শৰ্মা, বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেন বৰা আদিয়ে।

সভাত মদন বৰদলৈয়ে গ্ৰামাঞ্চলত অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ বলি হোৱা লোকসকলৰ মাজত আইন সেৱা প্ৰাধিকৰণৰ এনে সজাগতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ঘনকান্ত বৰাই মানৱ সৰবৰাহ, বাল্যবিবাহ, ড্ৰাগছ আৰু কুসংস্কাৰৰ বলি হোৱা কাৰণ সমূহৰ বৰ্ণনা কৰে।

জ্যেষ্ঠ অধিবক্তা চাহিনা খানমে সুন্দৰ অপস্হাপনৰ জৰিয়তে মানৱ সৰবৰাহৰ কাৰণ আৰু ইয়াক ৰোধ কৰিব পৰা ব্যৱস্থা সম্পৰ্কে ভাষণ প্ৰদান কৰে। সজাগতা সভাত সহায় সহযোগিতা আগঢ়ায় অৰ্ধ আইনী স্বেচ্ছাসেৱক পংকজ কুমাৰ শৰ্মা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেন বৰাই। অঞ্চলটোৰ ৰাইজে এনে সজাগতা অনুষ্ঠিত কৰাৰ বাবে নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণক ধন্যবাদ জনায়।

নগাঁও জিলা আইন প্ৰাধিকৰণৰ মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা...
বিগত ৮ দিনে সন্ধানহীন লক্ষীপুৰৰ যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in