সমূহীয়া বিবাহেৰে উখল-মাখল দ-গাঁৱৰ নামঘৰ

আয়তীৰ জাত-জাত উৰুলি আৰু বিয়ানামেৰে মুখৰ নামঘৰৰ প্ৰাংগন

author-image
Asomiya Pratidin
New Update
সমূহীয়া বিবাহেৰে উখল-মাখল দ-গাঁৱৰ নামঘৰ

ডিজিটেল সংবাদ , বেবেজীয়াঃ আয়তীৰ জাত-জাত উৰুলি, বিয়ানাম আৰু পাতিঢোলৰ চেওৰ মাজতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰৰ দ-গাঁও নামঘৰত বৃহস্পতিবাৰে সমূহীয়াকৈ কেইবাযোৰা দৰা-কইনাই যুগ্ম জীৱনৰ পাতনি মেলাৰ লগতে সমূহীয়া উপনয়ণ বিবাহ কাৰ্য অনুষ্ঠিত হয় ।

Advertisment

দ-গাঁও সমূহীয়া বিবাহ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সমূহীয়া বিবাহত ৯যোৰা দৰা-কইনা আৰু পাঁচজন যুৱকে উপনয়ণ গ্ৰহণ কৰে আজি নামঘৰৰ প্ৰাংগণস্থলীত ।

উল্লেখ্য যে, সমূহীয়া বিবাহস্থলীত যুৱক-যুৱতী সকলে হোমৰ জুইক সাক্ষী কৰি সম্পূৰ্ণ বৈদিক প্ৰথামতে আজীৱন ইজনে-সিজনৰ হাতত হাতথৈ আগবাঢ়ি যোৱাৰ সংকল্প লয়। বিবাহ মণ্ডপত উপস্থিত সহস্ৰাধিক লোকৰ আশীৰ্বাদ গ্ৰহণ কৰি বিবাহপাশত আৱদ্ধ হোৱা দম্পত্তিয়ে সমূহীয়া বিবাহৰ মিঠা অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে সমূহীয়া বিবাহে আৰ্থিকভাৱে অনগ্ৰসৰ বিবাহযোগ্য যুৱক-যুৱতীৰ যুগ্ম জীৱনৰ পাতনি মেলাৰ সহায় কৰাৰ বাবে বিবাহ উদযাপন সমিতিৰ লগতে সমূহ দ-গাঁও বাসী ৰাইজলৈ ধন্যবাদ যাঁচে ।

উল্লেখযোগ্য যে বিভিন্ন প্ৰান্তৰ পৰা লোকে-লোকাৰণ্য হোৱাৰ পৰিৱেশত বিয়ানাম আৰু উৰুলিৰে গণ-বিবাহৰ শুভাৰম্ভ কৰা হয় । পুৱাৰ পৰা নিশালৈকে বিবাহকাৰ্যৰ সমাপ্তিৰ পিছতে সমূহীয়া ভোজন-পৰ্ব অনুষ্ঠিত হয় । সমূহীয়া বিবাহৰ অন্তত বিবাহ উদযাপন সমিতিৰ সভাপতি সুশীল নাথ সম্পাদক কুসুম্বৰ নাথে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।

Also Read: আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান অনুসন্ধানমূলক প্ৰতিযোগিতা সম্পন্ন

bebejiya Mass marriage