আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান অনুসন্ধানমূলক প্ৰতিযোগিতা সম্পন্ন

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান অনুসন্ধানমূলক প্ৰতিযোগিতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান অনুসন্ধানমূলক প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ,হাওৰাঘাট : অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ ৰূপায়ণত,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,হাওৰাঘাট খণ্ড আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ কাৰ্বি আংলং জিলা উদ্যোক্তা সমিতিৰ সহযোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে হাওৰাঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত খণ্ড পৰ্যায় প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত হয়। স্মৰ্তব্য যে হাওৰাঘাট শিক্ষাখণ্ডৰ অধীনস্থ চৰকাৰী বিদ্যালয়সমূহৰ মাজত দুটা ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Advertisment

কনিষ্ঠ ভাগত নৱম আৰু দশম শ্ৰেনীৰ প্ৰতিযোগীৰ মাজত আৰু জ্যেষ্ঠ ভাগত একাদশ -দ্বাদশ শ্ৰেণীৰ প্ৰতিযোগীৰ মাজত আজিৰ প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত হয় । কনিষ্ঠ শাখাত প্ৰকল্পৰ মূল বিষয়-"পৰিবেশৰ বাবে জীৱনশৈলী " আৰু জ্যেষ্ঠ শাখাৰ বাবে প্ৰকল্পৰ মূল বিষয় - "বহনক্ষম উন্নয়নৰ বাবে থলুৱা বৈজ্ঞানিক জ্ঞান" ধাৰ্য কৰা হৈছিল।

উল্লেখযোগ্য দিশতো হ'ল ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সহাৰি। আজি অনুষ্ঠিত খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতাত হাওৰাঘাট শিক্ষাখণ্ডৰ অধীনস্থ ২৫ খন চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাজৰ পৰা ১৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা প্ৰতিযোগীয়ে সক্ৰিয় অংশগ্ৰহণ কৰে।

ইতিবাচক দিশতো হ'ল প্ৰত্যকখন বিদ্যালয়ৰ পৰা দুটাকৈ প্ৰকল্প প্ৰতিযোগিতাত উপস্থাপন কৰা হয়। কাৰ্যসূচী মৰ্মে পুৱা প্ৰতিযোগীসকলৰ নাম পঞ্জীয়ন আৰু প্ৰ-পত্ৰ পূৰণ কৰাৰ পাছতে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হয়। খণ্ড মিচন সমন্নয়কৰ অনুপস্থিতিত স্থানীয় বয়োজ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক কৰুণা কান্ত বড়োৱে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।

উক্ত উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে -হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্ত, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ সন্দিকৈ, ভৱেশ ৰাজবংশী, জিলা সমন্বয়ক ভৱানন্দ খাখলাৰী, সমাজ কৰ্মী কৃষ্ণ ৰাজবংশী, পংকজ শইকীয়া আৰু অশ্বিনী কুমাৰ নাৰ্জাৰী। এই উদেশ্যৰে অনুষ্ঠিত সভাত বক্তাসকলে এনে ধৰণে অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰাসংগিকতা সম্পৰ্কে মত ব্যক্ত কৰে।

প্ৰতিযোগিতাৰ শেষত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,হাওৰাঘাট খণ্ডৰ খণ্ড সমন্বয়ক প্ৰবীণ নাথে প্ৰকল্প এটাৰ প্ৰতিবেদন কেনেদৰে লিখিব আৰু উপস্থাপন কৰিব লাগে সেই সম্পৰ্কে এক বিস্তৃত ব্যাখ্যা আগবঢ়ায় । কাৰ্যসূচীৰ শেষত অনুষ্ঠিত হোৱা বিজ্ঞান অনুসন্ধান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ দিয়াৰ সমান্তৰালকৈ তত্বাৱধায়ক শিক্ষক-শিক্ষয়ত্ৰী আৰু সমল ব্যক্তি সকলকো এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

Also Read: বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

Haoraghat