/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/929fbba3-f854-4c9d-b8dd-8836ada48f25/nogaon_new.jpg)
ডিজিটেল সংবাদ, নগাঁও : জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত তেখেতক স্মৰণ কৰি সোমবাৰে শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। দেশৰ বাকী অংশৰ লগতে নগাঁও জিলাটো জিলা প্ৰশাসনে মহামানৱ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলা প্ৰশাসনৰ হৈ জিলা অতিৰিক্ত উপায়ুক্ত দেবহুতি বৰাই মহামানৱ মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত মাল্য প্ৰদান কৰি তেখেতক স্মৰণ কৰে ।
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এই পৱিত্ৰ দিনত বীৰ শ্বহীদ সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি দিনৰ ১১-০০ বজাৰ পৰা দুই মিনিট সময়ৰ বাবে জনসাধাৰনে মৌনতা অৱলম্বন কৰে । এই মৌনতা অৱলম্বনৰ সময়ৰ নিৰ্দেশ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ চহৰখনত সংস্থাপন কৰা স্থিৰ অনুভাষ যন্ত্ৰ দ্বাৰা সংকেত প্ৰদান কৰা হয় ।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, পৌৰ সভাৰ কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজা শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ, পৌৰ সভাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰাজেশ কুমাৰ দাসকে প্ৰমুখ্যে কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ লগতে নগাঁও পৌৰসভাৰ বিষয়া আৰু কৰ্মীসকল উপস্থিত থাকে ।
আৰু পঢ়ক : নামৰূপত উত্তৰ-পূৰ্ব ৰেপিড প্ৰাইজমাণী দবা প্ৰতিযোগিতা সম্পন্ন