নামৰূপত উত্তৰ-পূৰ্ব ৰেপিড  প্ৰাইজমাণী দবা প্ৰতিযোগিতা  সম্পন্ন

২৮ আৰু ২৯ জানুৱাৰী শনি আৰু দেওবাৰে পোন প্ৰথমবাৰ বাবে দুদিনীয়াকৈ ডিব্ৰুগড় জিলা দবা সন্থাই নামৰূপ মহাবিদ্যালয় প্ৰেক্ষাগৃহত উত্তৰ-পূৰ্ব ৰেপিড প্ৰাইজমাণী (একলাখ ছয় হাজাৰ টকা) দবা প্ৰতিযোগিতা সম্পন্ন কৰে
নামৰূপত উত্তৰ-পূৰ্ব ৰেপিড  প্ৰাইজমাণী দবা প্ৰতিযোগিতা  সম্পন্ন

ডিজিটেল সংবাদ, নামৰূপঃ ২৮ আৰু ২৯  জানুৱাৰী শনি আৰু দেওবাৰে পোন প্ৰথমবাৰ বাবে দুদিনীয়াকৈ ডিব্ৰুগড় জিলা দবা সন্থাই নামৰূপ মহাবিদ্যালয় প্ৰেক্ষাগৃহত উত্তৰ-পূৰ্ব ৰেপিড  প্ৰাইজমাণী (একলাখ ছয়  হাজাৰ টকা) দবা প্ৰতিযোগিতা সম্পন্ন হয়৷ উক্ত প্ৰতিযোগিতাখনিত শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি  ৰূপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ দূৰ্গা প্ৰসাদ গগৈয়ে  দবা গুটিৰে প্ৰতিযোগিতা খনি  উদ্ধোধন কৰে ৷

ডিব্ৰুগড় জিলা দবা সন্থাৰ সম্পাদক মানিক চন্দ্ৰ গগৈযে বিষয় সন্দৰ্ভত জনাই যে প্ৰাইজমাণী ৰেপিড টুৰ্নামেণ্ট খনত  মণিপুৰ, অৰুণাচল,ছিলচৰ,কৰিমগঞ্জ,গুৱাহাটী,লক্ষীমপুৰ,নগাঁও,যোৰহাট,শিৱসাগৰ,চৰাইদেউ,তিনিচুকীয়া, ডিব্ৰুগড়  জিলাৰ  সৰ্বমুঠ ১৪০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

উত্তৰ-পূৰ্ব প্ৰাইজমাণী খেলখনৰ নৱম ৰাউণ্ড খেলৰ অন্তত খেলৰ ফলাফল ঘোষণা কৰা হয় ৷খেলৰ ফলাফল অনুসৰি প্ৰথম স্থান দখল কৰে আভাসৰম্য শইকীয়া (নগদ ১৮০০০ টকা), দ্বিতীয় স্থান দখল কৰে Elangbam Shashikanta Singh (নগদ ১৪০০০টকা), তৃতীয় স্থান দখল কৰে Moirangthem Modhusudon (নগদ  ১২০০০টকা), চতুৰ্থস্থান দখল কৰে চেনী ৰাম পেগু (নগদ -১০০০০ টকা) ,পঞ্চমস্থান দখল কৰে উৎপল বৰা ( নগদ ৭০০০ টকা,) ষষ্ঠ স্থান দখল কৰে  অভিজ্ঞান গোস্বামী ( নগদ ৫০০০ টকা ) ৷ মুঠ ত্ৰিশজন খেলুৱৈক নগদ ধনৰ সৈতে ট্ৰফী ৰে পুৰস্কৃত কৰা হয়৷

তাৰ উপৰিও অনুৰ্ধ শাখা ৭, ৯ , ১১ ,  ১৩  আৰু ১৫  প্ৰতিটো শাখাত প্ৰথম,দ্বিতীয়,তৃতীয় আৰু চতুৰ্থস্থান প্ৰাপ্ত খেলুৱৈক পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয় ৷ সামৰণি বটাঁ বিতৰণি অনুষ্ঠানত  মুখ্য অতিথি হিচাপে সদৌ অসম দবা সন্থাৰ উপ সভাপতি  বিশিষ্ট চিকিৎসক  ইণ্টিকাবুৰ ৰহমান উপস্থিত থাকে ৷

আৰু পঢ়ক: অবাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in