পানী সম্পৰ্কীয় এই ত্ৰুুটিবোৰৰ ক্ষেত্ৰত সতৰ্ক হওঁক

এখন ঘৰত মানি চলিবলগীয়া কেতবোৰ বাস্তু নিয়মৰ বিষয়ে আজি জানো আহক-

author-image
Asomiya Pratidin
New Update
পানী সম্পৰ্কীয় এই ত্ৰুুটিবোৰৰ ক্ষেত্ৰত সতৰ্ক হওঁক

ডিজিটেল ডেস্ক: যেতিয়াই আমি এটা ঘৰ নিৰ্মাণ কৰো, ঘৰটোত যাতে সকলো ফালৰ পৰাই সকলো সুবিধা থাকে, তাৰ প্ৰতি আমি যথেষ্ট সচেতন হওঁ।কিন্তু তাৰ পাছতো আমাৰ অজানিতে বহুক্ষেত্ৰত ভুল থাকি যায়। উদাহৰণ স্বৰূপে, ঘৰটো নিৰ্মাণ কৰোতে পানী কোনফালে নিষ্কাশিত হ'ব, তাৰ প্ৰতি আমি বিশেষ গুৰুত্ব নিদিও। আন দিশ সমূহৰ সমান্তৰালকৈ ঘৰটোৰ পানী নিষ্কাশন কৰা দিশৰ ক্ষেত্ৰতো আমি বহু যত্ন লোৱা উচিত। কিয়নো বাস্তু শাস্ত্ৰৰ মতে, যি ঘৰৰ পানী নিষ্কাশন নহয়, সেই ঘৰত বাস্তু ত্ৰুটি থাকে। যদি গা ধোৱা, কাপোৰ ধোৱা বা বাচন ধোৱাৰ সময়ত পানী ভুল দিশৰ পৰা ওলাই আহিছে, তেনেহ'লে ইয়াৰ বেয়া প্ৰভাৱ পৰিয়ালৰ সদস্যসকলৰ ওপৰত পৰিব পাৰে। এখন ঘৰত মানি চলিবলগীয়া কেতবোৰ বাস্তু নিয়মৰ বিষয়ে আজি জানো আহক-

Advertisment

বাস্তুৰ কিছুমান নিয়ম

১. যি ঘৰত পানী সঠিক স্থানত আছে, সেই ঘৰত সুখ আৰু সমৃদ্ধি চিৰস্থায়ী হয়।

২. যদি ঘৰটোৰ পৰা প্ৰৱেশ দ্বাৰ বিপৰীত দিশত থাকে, তেন্তে সেই ঘৰটোত বাস্তুৰ ত্ৰুুটি থাকিব পাৰে।

৩. আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ বা প্ৰৱেশদ্বাৰৰ ওচৰত জোতাৰ ৰেক আৰু ডাষ্টবিন নাৰাখিব।

৪. ঘৰ এটা নিৰ্মাণ কৰোতে প্ৰৱেশদ্বাৰৰ ওচৰত গা-ধোৱা ঘৰ নিৰ্মাণ নকৰিব।

৫.প্ৰৱেশদ্বাৰৰ ওচৰত সজোৱা সামগ্ৰী নাৰাখিব।

৬. ঘৰৰ মূল দুৱাৰখনত ক'লা ৰং নকৰিব।

৭. প্ৰৱেশদ্বাৰৰ ওচৰত জন্তুৰ মূৰ্তি আৰু গৃহসজ্জাৰ সামগ্ৰী নাৰাখিব।

৮. ঘৰত সদায়ে সন্ধিয়া লাইট জ্বলাই থ’ব আৰু নিশা শুই থাকোতে নিম্ন-ভল্টেজৰ ‘নাইট বাল্ব’ জ্বলাই থ’ব।

৯. বাস্তুৰ মতে, ঘৰৰ দক্ষিণ দিশত পানীৰ উৎস, যেনে পানীৰ টেংকী, কুৱা, দমকল, পুখুৰী আদি থাকিলে ঘৰখনৰ মহিলাসকল অসুখীয়া হয়।

১০.পাকঘৰত পানী সদায় উত্তৰ-পূব দিশ বা পূব দিশত ভৰ্তি কৰি ৰাখিব।

১১. গা ধোৱা ঘৰটো পূব দিশত হ’ব লাগে।

১২. বাস্তু মতে পানীৰ উৎস পশ্চিম দিশত থাকিলে, গৃহস্থই পুত্ৰ সুখ লাভ কৰে।

Also Read: Vastu Tips: জীৱনলৈ আহিব সুখ-সমৃদ্ধি, আজিয়েই ঘৰত ৰোপন কৰা এই ফুল