কোনে কয় সততাৰ মৃত্যু হৈছে ? ৪৪ বছৰ পূৰ্বে লৈছিল ১০ টকা, পৰিশোধ কৰিলে ১০ হাজাৰ...

কোনে কয় সততাৰ মৃত্যু হৈছে ? ৪৪ বছৰ পূৰ্বে লৈছিল ১০ টকা, পৰিশোধ কৰিলে ১০ হাজাৰ...
কোনে কয় সততাৰ মৃত্যু হৈছে ? ৪৪ বছৰ পূৰ্বে লৈছিল ১০ টকা, পৰিশোধ কৰিলে ১০ হাজাৰ...

ডিজিটেল সংবাদ নগাঁও : চৌদিশে এতিয়া ঠগ , প্ৰবঞ্চকৰ দপদপনি ৷ কাক কোনে ক্ষতি কৰি আগবাঢ়ি যাব পাৰে তাৰ প্ৰতিযোগিতা ৷ ঠগ , প্ৰবঞ্চনাৰ বলি হৈছে বহুজন ৷ ইয়াৰ মাজতো এচাম লোকৰ সততা, দায়বদ্ধতাই সমাজক সংগবদ্ধ কৰি ৰাখিছে ৷

শেহতীয়াকৈ বটদ্ৰৱাৰ মংগল শ্বেখ (৮৫)নামৰ এজন বৃদ্ধৰ সততাৰ এক ঘটনা পোহৰলৈ আহিছে ৷ ঋণ লৈ বহুতে ঋণ পৰিশোধ নকৰে বা মানুহক ঠগে, সেই সময়তে ৮০ উৰ্দ্ধৰ এই লোক জনে প্ৰায় ৪৪ বছৰৰ পূৰ্বে ধাৰলৈ লোৱা ১০ টকা পৰিশোধ কৰিবলৈ গৈ চৰ্চালৈ আহিছে ।

১৯৭৯ চনৰ ঘটনা । আৰম্ভ হৈছিল অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম । সেই সংগ্ৰামৰ সময়চোৱাত অগ্নি গৰ্ভা হৈ পৰা পৰিস্থিতিত আত্মৰক্ষাৰ বাবে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল মংগল শ্বেখৰ লগতে আন কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে ।

পাছত মংগল শ্বেখে যোগেন্দ্ৰনাথ বৰাৰ পৰা দহ টকা ধাৰলৈ লৈ গমন কৰিছিল অন্য স্থানলৈ ।তাৰ পাছৰখিনি ইতিহাস। ইতিমধ্যে যোগেন্দ্ৰনাথ বৰাৰো পৰলোকপ্ৰাপ্তি ঘটিছে।

সুদীৰ্ঘ প্ৰায় ৪৪ বছৰৰ মূৰত যোৱা ২২ফেব্ৰুৱাৰীৰ পুৱাতে মংগল শ্বেখ উপস্থিত হয় কামপুৰ মুগাছুঙীয়া গাঁৱৰ প্ৰয়াত যোগেন্দ্ৰ নাথ বৰাৰ ঘৰ। উদ্দেশ্য সেই ৪৪বছৰৰ আগতে বিপদত পৰি যোগেন্দ্ৰনাথ বৰাৰ পৰা ধাৰে লোৱা দহ টকা ঘূৰাই দিয়া।

তেতিয়াৰ ১০ টকাটোৰ আজিৰ মূল্য লক্ষাধিক হ'ব বুলি ভাবি হাতত ১০ হাজাৰ টকা লৈ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত উপস্থিত হ'ল বৰ্তমান বটদ্ৰৱাৰ বাসিন্দা মংগল শ্বেখ । ইতিমধ্যে স্বৰ্গগামী হোৱা যোগেন্দ্ৰনাথ বৰাৰ পুত্ৰ নগেন বৰাৰ সন্মুখত দহ হাজাৰ টকা আগবঢ়াই দি সমগ্ৰ ঘটনা বৰ্ণনা কৰে মংগল শ্বেখে।

লগে লগে ঘৰখনত সৃষ্টি হ'ল এক আবেগিক পৰিৱেশৰ। সেমেকি উঠিল সকলোৰে চকু। দহ হেজাৰ টকা আগবঢ়াই দি তেওঁ যোগেন্দ্ৰনাথ বৰাৰ পুত্ৰ নগেন বৰাক ক'লে, "বাপু ১০ টকাৰ ৪৪ বছৰৰ সুত হিচাপ কৰিলে লাখ টকা হ'ব। তুমি এই ১০ হেজাৰ টকাকে ৰাখা আৰু মোক ধাৰ‌ৰ পৰা মুক্তি দিয়া।"

তেতিয়া তেখেতৰ দায়িত্ববোধৰ আৰু সততাক নগেন বৰাই সন্মান জনাই টকাখিনি মছজিদলৈ আগবঢ়াবলৈ তেওঁ অনুৰোধ কৰে। কিন্তু তেখেতে জনাই যে, এই পইচা মছজিদত গ্ৰহণ নকৰে আৰু তেওঁ ধাৰ মুক্ত নহ'লে মৃত্যুৰ পিছত তেওঁৰ অন্তিম ক্ৰিয়াত কোনোও ভাগ নল'ব।

সেয়েহে উপায়ন্তৰ হৈ তেওঁ বৃদ্ধজনৰ পৰা ১০ টকা গ্ৰহণ কৰে আৰু সুত পৰিশোধ কৰিব নালাগে বুলি কৰজোৰে প্ৰাৰ্থনা কৰে। মংগল শ্বেখৰ এনে আদৰ্শ আৰু সততাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।

কোনে কয় সততাৰ মৃত্যু হৈছে ? ৪৪ বছৰ পূৰ্বে লৈছিল ১০ টকা, পৰিশোধ কৰিলে ১০ হাজাৰ...
যুদ্ধই কি দিয়ে, সকলো কাঢ়ি নিয়ে ! এবছৰীয়া হ'ল 'ইউক্ৰেইন ৱাৰ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in