নগাঁৱত মেলেৰিয়া প্ৰতিৰোধ সজাগতা মাহৰ শুভাৰম্ভ

নগাঁৱত মেলেৰিয়া প্ৰতিৰোধ সজাগতা মাহৰ শুভাৰম্ভ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা মেলেৰিয়া বিভাগৰ উদ্যোগত বাহকজনিত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে সোমবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মেলেৰিয়া প্ৰতিৰোধ মাহৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সজাগতা সভাত অংশগ্ৰহণ কৰে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ ফণী পাঠকে।

ডা০ পাঠকে এই ৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায়, ক'ত,কেনেকৈ সজাগতা সভা পাতি ৰাইজৰ মাজত এই ৰোগৰ পৰা ৰক্ষা পাবলৈ অধিক সজাগতা সৃষ্টি কৰাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। সভাত অংশগ্ৰহণ কৰা জ্যেষ্ঠ চিকিৎসকসকলে নিজৰ নিজৰ ভাষণত ল'ৰা -ছোৱালীক জ্বৰ ,ডেংগু আদিৰ পৰা ৰক্ষা কৰিবলৈ অভিভাৱক তথা ৰাইজক অধিক সচেতন কৰিব লাগিব বুলি মন্তব্য কৰে।

তেওঁলোকে লগতে কয় যে ঘৰৰ আশে-পাশে থকা সৰু গাঁত আৰু পৰিত্যক্ত গাড়ীৰ টায়াৰ আদিত পানী জমা হৈ থাকিলে বাহকজনিত ৰোগৰ বীজাণু কঢ়িয়াই অনা মহৰ জন্ম হয়। ইয়াৰ পৰা ল’ৰা -ছোৱালীক আঁতৰাই ৰাখিব লাগে।

এইক্ষেত্ৰত অভিভাৱকসকল সচেতন হোৱা উচিত। ৰোগৰ লক্ষণ দেখাৰ লগে লগে বা জ্বৰ হ'লে ওচৰৰ চিকিৎসালয়ৰ লগত যোগাযোগ কৰিব পাৰে। এইক্ষেত্ৰত আশাকৰ্মী ,নাৰ্ছ ,স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিবলৈ সকলোকে আহ্বান জনায়।

সভাত অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা০ দিলীপ কুমাৰ শৰ্মা,অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা০ কবিতা বৰুৱা ,মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া (বাহক জনিত ৰোগ) ডা০ বীণাপানি নেওগ ,নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ ভূপেন বৰা, জিলা মেলেৰিয়া বিষয়া শান্তনা শৰ্মা ,ডা০ কৃষ্ণ বৰা উপস্থিত থাকে।

লগতে মেলেৰিয়া বিভাগৰ বিষয়া কৰ্মচাৰী, আশাকৰ্মী ,নাৰ্ছ , সচেতন নাগৰিক আদিয়ে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে ৰোগ প্ৰতিৰোধৰ সজাগতাৰ বাবে এটা সমদল উলিওৱা হয়।

ইপিনে জিলা মেলেৰিয়া বিভাগৰ এক সূত্ৰই জনোৱা মতে জিলাখনত ১৩ জন মেলেৰিয়া ৰোগীক চিনাক্ত কৰা হৈছে। অৱশ্যে এওঁলোক বহি :ৰাজ্য মিজোৰাম, কেৰেলা,গুজৰাট ,মহাৰাষ্ট্ৰৰ পৰা নিজৰ জিলালৈ ঘুৰি অহা লোক। ডেংগুত আক্ৰান্ত হৈছে দুজন। জিলাখনত জাপানীজ এনকেফেলাইটিজ ৰোগত এজনো আক্ৰান্ত লোক নাই।

নগাঁৱত মেলেৰিয়া প্ৰতিৰোধ সজাগতা মাহৰ শুভাৰম্ভ
চতিয়া,ইটাখোলাত লিচু খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন নিৱনুৱাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in