বেবেজীয়াত নগাঁও জিলা মহিলা ব্ৰাহ্মণ সমাজৰ তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন...

বেবেজীয়াত নগাঁও জিলা মহিলা ব্ৰাহ্মণ সমাজৰ তৃতীয় দ্বি বাৰ্ষিক অধিৱেশনত বিশিষ্ট লেখিকা অপৰূপা বৰঠাকুৰ

author-image
Asomiya Pratidin
New Update
বেবেজীয়াত নগাঁও জিলা মহিলা ব্ৰাহ্মণ সমাজৰ তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন...

ডিজিটেল সংবাদ, বেবেজীয়া: "আধ্যাত্মিকতা থাকিলেহে নৈতিকতা থাকিব। আধ্যাত্মিকতা অবিহনে নৈতিকতা কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। শিশু সকলক সৰুৰে পৰা নৈতিক জ্ঞান দি গঢ় দিব লাগিব।"- এই মন্তব্য বিশিষ্ট লেখিকা, নিবন্ধকাৰ অপৰূপা বৰঠাকুৰৰ।

Advertisment

নগাওঁ জিলাৰ বেবেজীয়াৰ মাহৰিআটি হৰি হৰ দেৱালয় প্ৰাঙ্গগনত অনুষ্ঠিত হয় নগাঁও জিলা ব্ৰাহ্মণ মহিলা সমাজৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন। অধিৱেশনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখিকা অপৰূপা বৰঠাকুৰ। অপৰূপা বৰঠাকুৰে নৰ-নাৰী একত্ৰিত হ'লহে সমাজ সৃষ্টি হয় আৰু সংস্কাৰ, সংস্কৃতি আৰু সংস্কৃত এই তিনিটা সনাতনৰ মূল উপাদান বুলি মন্তব্য কৰে।

কবি সাহিত্যিক তথা মহিলা ব্ৰাহ্মণ সমাজৰ সভানেত্ৰী সুৰ্বণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিৱেশন খনি মুকলি কৰে বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বানীকান্ত শৰ্মাই। বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা মুকলি অধিৱেশনত নিদিষ্ট বক্তা হিচাপে মহিলা সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত দীঘলীয়া ভাষণ আগবঢ়াই কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড: বৰ্ণালী শৰ্মাই।

মহিলা সমাজৰ সম্পাদিকা বৈজয়ন্তী খাউণ্ডে আঁত ধৰা সভাখনিত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা ৰবীন্দ্ৰনাথ শৰ্মা, সভাপতি নৰেন্দ্ৰ নাথ শৰ্মা, কাৰ্যকৰী সভাপতি বেদানন্দ ভাগৱতী, সম্পাদক দ্বিজেন্দ্ৰ গোস্বামী, জেষ্ঠ কাৰ্যকৰ্তা কৃষ্ণমোহন শৰ্মা উপস্থিত থকাৰ লগতে নগাঁও জিলাৰ বিভিন্ন আঞ্চলিক সমাজৰ বিষয়ববীয়া উপস্থিত থাকে।

তদুপৰি অনুষ্ঠানত বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সভাপতি অজিত শৰ্মা, সম্পাদক জিতেন ভট্টাচাৰ্য, বেবেজীয়া আঞ্চলিক মহিলা ব্ৰাহ্মণ সমাজৰ সভানেত্ৰী অঞ্জনা শৰ্মা, সম্পাদিকা অঞ্জলি গোস্বামীকে ধৰি বেবেজীয়া অঞ্চলৰ ব্ৰাহ্মণ মহিলা সকল উপস্থিত থাকে।

উল্লেখযোগ্য যে আজি অনুষ্ঠিত হোৱা মহিলা ব্ৰাহ্মণ সমাজৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ পুৱা পতাকা উত্তোলন কৰে জিলা মহিলা ব্ৰাহ্মণ সমাজৰ সভানেত্ৰী সুৰ্বণ গোস্বামীয়ে। অন্যহাতে আজিৰ এই সভাতেই আগন্তুক দুটা বছৰৰ বাবে বৈজয়ন্তী খাউণ্ডক সভানেত্ৰী, গুণদা গোস্বামীক কাৰ্যকৰী সভনেত্ৰী আৰু অঞ্জলি দেৱীক সম্পাদিকা হিচাপে লৈ নগাঁও জিলা মহিলা ব্ৰাহ্মণ সমিতি খনগঠন কৰা হয় । সন্ধিয়া বন্তি প্ৰজ্বলনেৰে অধিৱেশন সামৰণি পৰে।

Also Read: ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?

women