/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/498a3b28-e973-4423-b85f-5e4f76dc52fd/226.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ বাবে ৰাজ্য চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । যুগ সাপেক্ষ শিক্ষাৰ পৰিৱৰ্তনৰ বাবে চৰকাৰে ইতিমধ্যে টাটাৰ সহযোগত ১৮ শ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে ।
ইফালে, মেধাৰ অধঃপতন ৰোধ কৰাৰ বাবে শিক্ষা ব্যৱস্থাৰ পুনৰীক্ষণৰ যথেষ্ট প্ৰয়োজনীয়তা আছে — কলিয়াবৰৰ কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তী উৎসৱৰ দেওবাৰৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e00d4d1c-1e39-4beb-8b83-2646af28565c/659416c6_840c_4063_9390_b3d8873bb9d9.jpg)
তেঁও লগতে কয়—আমাৰ চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষা ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ বহু গুণে বেছি উন্নীত হ'ব লাগিব। শিক্ষা সদায় যুগ সাপেক্ষ। আমি শিক্ষাৰ পৰিবৰ্তন কৰিবই লাগিব। খুউব কম দিনৰ ভিতৰতে বিদ্যালয় সমূহৰ আমোল পৰিবৰ্তন হ'বলৈ গৈ আছে। বৰ্তমান পৃথিৱীৰ সকলো দ্ৰুত গতিত আগবাঢ়িছে তাৰ লগে লগে আমিও আগবাঢ়ি যাব লাগিব।
ভাষণ প্ৰসংগত তেওঁ কয় যে আমি এতিয়া এপ বেছ চচাইটিৰ ফালে আগবাঢ়ি গৈ আছোঁ। আগন্তুক দিনত প্ৰত্যেক খন উচ্চতৰ মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হ'ব। এই বিদ্যালয় খনৰো উন্নয়ন ঘটোৱা হ'ব। প্ৰত্যেক বছৰত আঢ়ৈশ বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dac76e5e-7400-4d1e-895a-3c0d4bb20bb9/867934e1_f4f4_420b_a035_8b45efab45d2.jpg)
আমাৰ শিক্ষা ব্যৱস্থা বহু শুধৰণি কৰিব লগা আছে বুলিও মন্ত্ৰী পেগুয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মণিমাধৱ মহন্তই আঁত ধৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট চিকিৎসক তথা শিল্পী অঞ্জনজ্যোতি চৌধুৰীয়ে গীত আৰু কথাৰে ৰাইজক আমোদ দিয়ে। আৰম্ভণিতে সভাখনি উদ্বোধন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে।
সভাত প্ৰাক্তন অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা,পহল থাপা, নৰেন্দ্ৰ নাথ হাজৰিকা,কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উত্তম কুমাৰ বৰুৱা, প্ৰভাত চন্দ্ৰ গোস্বামী , বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামী, জয়ন্তী উৎসৱৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হিমেন ভূঞা উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনিত উৎসৱ উপলক্ষ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰা বিজ্ঞান ভিত্তিক মডেল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সকলক নগদ মাননীসহ বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/edf1c843-52dc-43a9-abfd-4f77f2b5d40e/449f2ad8_ff06_4112_9da2_e8107d0de18d.jpg)
ইফালে তিনিদিনীয়াকৈ অনুষ্ঠিত মহাৰজত জয়ন্তী উৎসৱৰ তৃতীয় দিনাৰ দেওবাৰে পুৱা আকৰ্ষণীয় কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ স্বকীয় ঐতিহ্য - পৰম্পৰাৰ সমাহাৰ - পয়োভৰৰে ৰাজপথেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে বিশেষ ভাৱে আকৰ্ষিত কৰে। শোভাযাত্ৰাত মন্ত্ৰী তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰে।
Also Read: নৱ দলেৰ ডুবন্ত নৌকা উদ্ধাৰত নামিছে কোন ? মধ্যস্থতাকাৰীৰ ভূমিকাত ডা০ পেগু !