নৱ দলেৰ ডুবন্ত নৌকা উদ্ধাৰত নামিছে কোন ? মধ্যস্থতাকাৰীৰ ভূমিকাত ডা০ পেগু !

নৱ দলেৰ ডুবন্ত নৌকা উদ্ধাৰত নামিছে কোন ? মধ্যস্থতাকাৰীৰ ভূমিকাত ডা০ পেগু !

ডিজিটেল সংবাদ, ঢকুৱাখনা : এক সুদীর্ঘদিনীয়া জটিল ৰাজনৈতিক বৈৰীতা। জন প্ৰতিনিধিত্বৰ ক্ষমতাৰ গাদীৰে গুৰু গোঁসাই নমনা হোৱাৰ পাছত এই ৰাজনৈতিক বৈৰীতাই পৰৱৰ্তী সময়ত ব্যক্তিগত আৰু দলীয় শত্ৰুতালৈ পৰিণত হৈছিল। যাৰ নিৰ্মম পৰিণতিত সীমাহীন যন্ত্ৰণা নিৰ্যাতনৰ ভুক্তভোগী হ'ব লগা হৈছিল বহুজন । অসংখ্যলোকে ৰঙাঘৰৰ ভাত খাব লগীয়া হৈছিল।

বহুজনৰ বিৰুদ্ধে আজিও চলি আহিছে ইটোৰ পাছত সিটো জামিন অযোগ্য গোচৰ । মন্ত্ৰিত্ব আৰু দলীয় ক্ষমতাৰ বলত এসময়ত মিত্ৰ দলটোৰ বিৰুদ্ধে আজন্ম শত্ৰুতা আচৰণ কৰা এইজন ৰাজনীতিক এতিয়া শক্তিহীন। নিজেই সৃষ্টি কৰা ৰাজনৈতিক বৈৰীতাৰ যুঁজখনত সম্প্ৰতি নির্লজভাৱে মুখ থেকেছা খোৱাৰ আশংকাত পূৰ্বৰ দম্ভ অহংকাৰ পৰিহাৰ কৰি বিৰোধী গণ্য কৰা ৰাজনৈতিক শক্তিকে পুনৰ বুকুৰ কুটুম কৰাৰ হেঁপাহ জাগিছে এইজন ৰাজনীতিকৰ।

তাৰেই কৌশলী পদক্ষেপ হিচাপে সোমবাৰে আয়োজন কৰা হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক । দৰাচলতে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নব কুমাৰ দলে আৰু মিত্ৰ শক্তি সন্মিলিত গণশক্তি অসম দলৰ ঢকুৱাখনা জিলা,খণ্ড শক্তি সমিতি আৰু মিচিং জাতীয় সংগঠনসমূহৰ মাজত চলি অহা ৰাজনৈতিক বৈৰীতাৰ বিষয়টোৰ কথাই আজিৰ প্ৰেক্ষাপটত সৰৱ চৰ্চাৰ কেন্দ্ৰ হৈছে।

জনপ্ৰতিনিধিত্ব আৰু মন্ত্ৰিত্বৰ কালৰে পৰা বৰ্তমানলৈকে কোনোধৰণৰ ৰাজনৈতিক মিত্ৰতাৰ নীতি নিৰ্দেশনা পালন নকৰাৰ পৰিপ্ৰেক্ষিতত ঢকুৱাখনা সমষ্টিত গনশক্তি দল আৰু মিচিং জাতীয় সংগঠনসমূহে নৱ দলে বিৰোধী সবল ৰাজনৈতিক স্থিতি মুকলিকৈ গ্ৰহণ কৰি আহিছিল বিগত দুটাকৈ বিধানসভা নিৰ্বাচনৰ কালত । ৰাজ্যিক প্ৰেক্ষাপটত গেৰুৱা দলৰ সৈতে থকা ৰাজনৈতিক মিত্ৰতাৰ সত্বেও ঢকুৱাখনাত গনশক্তি দল আৰু জাতীয় সংগঠনৰ অদ্যপি অব্যাহত থকা এই নৱ দলে বিৰোধী সবল স্থিতিত চিন্তিত গেৰুৱা বিধায়ক নব দলেৰ লগতে ৰাজ্যিক বিজেপি ।

শেহতীয়াকৈ গেৰুৱা দল আৰু বিধায়কজনৰ শংকাৰ কাৰণ হৈ পৰা এই স্পৰ্শকাতৰ বিষয়টো নিস্পতিৰ বাবে অহা সোমবাৰে ঢকুৱাখনাত আহ্বান কৰা হৈছে এক গুৰুত্বপূৰ্ণ বৈঠক । মাতমৰাৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এই বৈঠকত মধ্যস্থতাকাৰী হিচাবে অংশগ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী তথা বিশিষ্ট জনগোষ্ঠীয় নেতা ডাঃ ৰনোজ পেগুৱে।

জানিব পৰামতে দুই ৰাজনৈতিক বৈৰী শক্তিৰ মাজৰ ক্ষোভ,অসন্তুষ্টি,বঞ্চনা ,প্ৰতাৰণা, নিৰ্যাতনৰ বিষয়বোৰৰ নিৰ্মোহ পৰ্যালোচনা কৰা হ'ব বৈঠকত। সোমবাৰে দিনৰ ১১-০০বজাত অনুষ্ঠিতব্য বৈঠকখনত বিধায়ক নৱ দলে ,সাংসদ প্ৰদান বৰুৱা,গণশক্তি দলৰ ঢকুৱাখনা জিলা সমিতি,ঘিলামৰা,ঢকুৱাখনা,বগীনদী খণ্ড শক্তি,মিচিং জাতীয় সংগঠনৰ জিলা,আঞ্চলিক নেতৃবৰ্গ আৰু বিজেপি দলৰ জিলা আৰু মণ্ডল নেতৃত্ব উপস্থিত থাকিব ।

বহু চৰ্চিত এই বৈঠকক লৈ ইতিমধ্যে ব্যাপক চৰ্চা চলিছে ঢকুৱাখনাৰ বিৰোধী শক্তিৰ মাজত । কাৰণ বিগত সময়চোৱাত গণশক্তি দলৰ সমৰ্থক মাত্ৰেই প্ৰধান শত্ৰু হিচাপে গণ্য কৰি বিভিন্ন অজুহাত অভিযোগ দেখুৱাই ক্ষমতাশীল দলেয়ে সীমাহীন আৰু অকথ্য আৰক্ষীৰ নিৰ্যাতন ভোগাই আহিছিল।

অনাহকত অগণন সমৰ্থকক জেললৈ নিক্ষেপ কৰাইছিল। গণশক্তি দলৰ দখলত থকা সমবায় সমিতি ৰাজনৈতিক ক্ষমতা অপব্যৱহাৰ কৰি কাঢ়ি লৈছিল শাসন-ক্ষমতা । এনে সীমাহীন অবিচাৰ চলোৱা বিধায়ক নব দলেৰ জীয়া যন্ত্ৰণাৰ জ্বালা মাৰ নৌযাওঁতেই বিজেপি দলৰ নিৰ্দেশত আহ্বান কৰা এই বৈঠকক লৈ ক্ষুব্ধ গণশক্তি দলৰ তৃণমূলৰ পৰা জিলা পৰ্যন্ত বহু সংখ্যক নেতা কৰ্মী ।

উৎসাহী নহয় দলৰ নেতৃবৰ্গ আৰু সংগঠনৰ নেতৃবৰ্গ। অনুষ্ঠিতব্য এই বৈঠক সন্দৰ্ভত নব দলে বিদ্বেষী জিলা গনশক্তি দল ,জাতীয় সংগঠনৰ একাংশ নেতৃবৰ্গই তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি এয়া নব দলেৰ ৰাজনৈতিক ডুবন্ত বৈতৰণী উদ্ধাৰৰ কৌশলী অপচেষ্টা বুলি আখ্যা দিয়ে। মিত্ৰশক্তি গেৰুৱা দলটোৰ নিৰ্দেশত আহ্বায়িত বৈঠকৰ প্ৰতি সন্মান জনাই উপস্থিত থাকিব যদিও অনাগত সময়ত লব লগা ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত নিজস্ব সিদ্ধান্ত ল'ব বুলি প্ৰকাশ্যে জানিবলৈ দিয়ে ।

গেৰুৱা দলৰ সৈতে ৰাজনৈতিক মিত্ৰতা আৰু আলোচনা মানেই নব দলেৰ সৈতে মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দি সূত্ৰটোৱে অভিজ্ঞতালব্ধ সুনিৰ্দিষ্ট ৰাজনৈতিক বিষয়বোৰত ৰাজনৈতিক বিচাৰ বিশ্লেষনেৰে সিদ্ধান্ত লোৱাৰেই ইংগিত দিয়ে । সূত্ৰটোৱে কয় তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তদানীন্তন ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ দিনৰে পৰা এনে বহু আলোচনা হৈছিল ।

নৱ দলেক সোণোৱাল আৰু দাসে বহুবাৰ মিত্ৰতাৰ নীতি পালনৰ নিৰ্দেশ দিছিল । ক্ষমতাৰ ৰাগীত সৰ্বস্ব নীতি নিৰ্দেশনালৈ পিঠি দিয়াৰ পাছত এতিয়া এনে আলোচনাৰ প্ৰাসংগিকতা নাকচ কৰে দল আৰু সংগঠনৰ শীৰ্ষ সূত্ৰটোৱে । অৱশ্যে মধ্যস্থতাকাৰী হিচাপে অহা ডাঃ পেগুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ পঞ্জীভূত ক্ষোভ অসন্তুষ্টি নিৰ্যাতনৰ বাস্তৱ ৰূপৰেখা সবলভাৱে প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।

বহু চৰ্চিত আৰু সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ বৈঠক হিচাবে বিবেচিত এই বৈঠকৰ ফল কি হয়, গণশক্তি জাতীয় সংগঠনৰ অজাত শত্ৰু নৱ দলেৰ মাজৰ ব্যৱধান ওচৰ চপাই নিবলৈ এই বৈঠক কিমান সক্ষম হ'ব সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব বুলি উল্লেখ কৰে।

নৱ দলেৰ ডুবন্ত নৌকা উদ্ধাৰত নামিছে কোন ? মধ্যস্থতাকাৰীৰ ভূমিকাত ডা০ পেগু !
নগাঁও কলেজ (অট’নমাচ)ৰ ছাত্ৰী নিবাস উদ্বোধন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in