উদুলি-মুদুলি বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উ: মা: বিদ্যালয়ৰ বাকৰি

বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত আৰু বৰ্তমান শিক্ষাগুৰু সহিতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠান অনুষ্ঠিত হয় । সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰে।
উদুলি-মুদুলি বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উ: মা: বিদ্যালয়ৰ বাকৰি

ডিজিটেল সংবাদ,বঢ়মপুৰ : দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ চাৰিগৰাকী বীৰ-বীৰাংগণাৰ পুণ্য স্মৃতিত ১৯৫০ চনৰ ২ জানুৱাৰীত প্ৰতিষ্ঠিত বঢ়মপুৰৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে । বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিৰ অশেষ প্ৰচেষ্টাত গঢ় লৈ উঠা এই শিক্ষানুষ্ঠানখনিয়ে মহাৰজত জয়ন্তী বৰ্ষত পদাৰ্পণ কৰাৰ আপাহতে বৰ্ষজোৰা কাৰ্য্যসূচীৰ অন্যতম কাৰ্য্যসূচী হিচাপে শনিবাৰে পুৱাৰে পৰা বিদ্যালয়খনত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।

বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত আৰু বৰ্তমান শিক্ষাগুৰু সহিতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠান অনুষ্ঠিত হয় । সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰে।

ইয়াৰ লগতে আজি বিদ্যালয়খনৰ ন -পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰা হয় । পুৱা ১০-০০ বজাত বন্তি প্ৰজ্বলন, বিদ্যালয়ৰ প্ৰয়াত শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক শ্ৰদ্ধাঞ্জলি, ১১ বজাত ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ স্বাক্ষৰ সংগ্ৰহ অনুষ্ঠান সম্পন্ন হয় ।

ইফালে বিয়লি ৪ বজালৈ জাতীয় সংগীত আড়ম্বৰপূৰ্ণভাৱে পৰিৱেশন আৰু ৫-০০ বজাত বিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন কৰা হ'ব । উল্লেখ্য যে , আজি বিদ্যালয়খনৰ বাকৰিলৈ পুৱাৰে পৰা দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আহি একত্ৰিত হৈ পুৰণি স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰা পৰিলক্ষিত হয় ।

উদুলি-মুদুলি বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উ: মা: বিদ্যালয়ৰ বাকৰি
আপ, কংগ্ৰেছ, ৰাইজৰ দলৰ অভিজ্ঞতা তিক্তঃ এইবাৰ বিজেপিৰ শৰনাপন্ন কমল কুমাৰ মেধি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in