জাজৰি ঢলপুৰীয়াত ‌মহাৰজত জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা

বছৰযোৰা প্ৰস্তুতিৰ অন্তত বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি ঢলপুৰীয়া যুৱক সংঘ অনন্ত পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰৰ মহাৰজত জয়ন্তী উৎসৱ উলহ মালহৰে আজিৰে পৰা আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
জাজৰি ঢলপুৰীয়াত ‌মহাৰজত জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বছৰযোৰা প্ৰস্তুতিৰ অন্তত বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি ঢলপুৰীয়া যুৱক সংঘ অনন্ত পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰৰ মহাৰজত জয়ন্তী উৎসৱ উলহ মালহৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। নগাঁও জিলাৰ জাজৰি ঢলপুৰীয়া গাঁৱৰ নাচনী পথাৰত অনুষ্ঠিত মহাৰজত জয়ন্তী উৎসৱৰ আজি স্থানীয় সমাজকৰ্মী আৰু গাঁৱৰ বয়োজেষ্ঠ ৭৫ গৰাকী ব্যক্তিৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হয়। লগে লগেই আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰাৰ।

Advertisment

দুটাকৈ দতাল হাতী লগতে অভিনেতা অৰুন হাজৰিকা, কন্ঠশিল্পী কৃষ্ণ মনি নাথ আৰু অভিনেতা ৰাগ ঐনিতমৰ লগতে শতাধিক ৰাইজে অংশ গ্ৰহণ কৰা শোভাযাত্ৰা দৃষ্টিনন্দন হৈ পৰে। ইফালে বিয়লি মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নিবন্ধকাৰ ময়ুৰ বৰা, শিশু সাহিত্যিক যুগল লোচন দাস, নেপালী সাহিত্যত সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপক কে.বি.নেপালী।

অনুষ্ঠানতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী মৃণালিনী দেৱীয়ে। নিশাৰ ভাগলৈ অনুষ্ঠিত হ'ব "নাচনী পথাৰত নাচে গানে এসন্ধ্যা"নামৰ এক মনোৰঞ্জন মূলক অনুষ্ঠান। উক্ত অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে বেহেৰবাৰী আউট পষ্ট ৰ জৰিয়তে জনপ্ৰিয় হোৱা কে কে , দীপজ্যোতি কেউটৰ লগতে বৰ্তমান সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰাৰ্থ প্ৰতিম বৈশ্য ৰ বেণ্ড থ্ৰি।

Also Read: কঠীয়াতলীত আন্তৰ্জাতিক ব্ৰেইল দিৱস উদযাপন

maharajat jayanti cultural rally