কঠীয়াতলীত আন্তৰ্জাতিক ব্ৰেইল দিৱস উদযাপন

কঠীয়াতলী শিক্ষা খণ্ডৰ উদ্যোগত আন্তৰ্জাতিক ব্ৰেইল দিৱস উদযাপনৰ লগত সংগতি ৰাখি বিশেষ ভাৱে সক্ষম শিশুসকলৰ মাজত ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত আন্তৰ্জাতিক ব্ৰেইল দিৱস উদযাপন

ডিজিটেল সেৱা, কঠীয়াতলীঃ কঠীয়াতলী শিক্ষা খণ্ডৰ উদ্যোগত আন্তৰ্জাতিক ব্ৰেইল দিৱস উদযাপনৰ লগত সংগতি ৰাখি বিশেষ ভাৱে সক্ষম শিশুসকলৰ মাজত ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়। কালি দিনজোৰা কাৰ্যসূচীৰে শিক্ষা খণ্ডৰ অন্তৰ্গত শিক্ষা অভিযান মিছনৰ নিৰ্দেশত খণ্ডৰ বিশেষ ভাৱে সক্ষম শিশুসকলৰ মাজত পুখুৰীৰ পাৰ, ফুটবলৰ লগতে আন কেবাটাও খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Advertisment

আৰম্ভণিতে ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মৃন্ময় গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। বিয়লি মুকলি সভাৰ জৰিয়তে স্থান প্ৰাপ্ত প্ৰতিযোগী সকলৰ মাজত পুৰস্কাৰ প্ৰদান কৰাৰ লগতে বক্তা সকলে ব্ৰেইল দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। অনুষ্ঠান পৰিচালনা কৰে সমল ব্যক্তি কৃষ্ণা কুৰ্মী আৰু অনিৰুদ্ধ কুৰ্মীৰ লগতে সামূহিক শিক্ষাৰ কৰ্মী সকলে।

Also Read: চিচিবৰগাঁৱত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

international braille day