/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/012795f5-aa52-404b-8c21-bf65b745eec3/13.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰ: ১৯৪২ চনৰ দেশৰ স্বাধীনতা আন্দোলনত প্রাণ আহুতি দিয়া ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ চাৰিগৰাকী বীৰ-বীৰাংগনাৰ পুণ্য স্মৃতিত প্রতিষ্ঠিত বঢ়মপুৰৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বর্ষ উদযাপনৰ বাবে ব্যাপক প্রস্তুতি আৰম্ভ হৈছে। ১৯৫০ চনৰ ২ জানুৱাৰীত বীৰ ছহিদ ভূমি বঢ়মপুৰত প্ৰতিষ্ঠা লাভ কৰা বঢ়মপুৰ ছহিদ উচ্চ মাধ্যমিক বিদ্যালয়খনে ২০২৪ বর্ষত ৭৫ বছৰত ভৰি দিব। এই উপলক্ষে অঞ্চলটোৰ গৰিষ্ঠসংখ্যক ব্যক্তিৰ উপস্থিতিত মঙলবাৰে মহাৰজত জয়ন্তী উদযাপনৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত হয়।
বিদ্যালয়খনৰ পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি চাকিৰাম শইকীয়াৰ সভাপতিত্বত আৰু অধ্যক্ষ নলিনী কুমাৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা মঙলবাৰৰ সভাত বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপনৰ উদ্দেশ্যে আগত ৰাখি উপস্থিত বহুকেইজন অঞ্চলটোৰ গণ্য-মান্য ব্যক্তিয়ে ভাষণ প্ৰসংগত দিয়া পৰামৰ্শ অনুসৰি আৰু ৰাইজৰ সৰ্বসন্মতিক্ৰমে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক উদযাপন সমিতিৰ সভাপতি আৰু বিদ্যালয়খনৰ অধ্যক্ষ নলিনী কুমাৰ বৰাক সম্পাদক হিচাপে লৈ এখনি ৬১ জনীয়া সমিতি গঠন কৰা হয় ।
মঙলবাৰৰ সভাত বঢ়মপুৰ বাৰেগঞা সমাজৰ সভাপতি দয়াৰাম কলিতা , বঢ়মপুৰ সমবায় সমিতি লিমিটেডৰ অধ্যক্ষ নৰেন্দ্ৰ নাথ শৰ্মা, বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ফটিক চন্দ্ৰ বৰা, জ্যেষ্ঠ ব্যক্তি ক্ৰমে ৰমেশ হাজৰিকা, লম্বোদৰ হাজৰিকা, বঢ়মপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰীণা দাস বৈষ্ণৱ, শিঙিয়া পোটনি মৌজাৰ মৌজাদাৰনী মাধন শইকীয়াকে প্ৰমুখ্যে কৰি অঞ্চলটোৰ বহুসংখ্যক গণ্য-মান্য তথা জ্যেষ্ঠ ব্যক্তি, বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষসকল, প্ৰাক্তন শিক্ষকসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখ্য যে, মঙলবাৰৰ সভাত উপস্থিত সকলোকে উদযাপন সমিতিৰ সাধাৰণ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়।
Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...