/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1f39ac9f-16a2-437c-a647-3cac4f91fc24/473.jpg)
ডিজিটেল সংবাদ,টেঙাখাত : টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই দেওবাৰে ২০২৪বৰ্ষত ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিশেষ অভিনন্দন জ্ঞাপন কৰে। সেয়েহে টেঙাখাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াই।
কৃতিমান ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাবিকা তথা বহু আমন্ত্ৰিত অতিথি উপস্থিত থকা সভাখনিৰ আঁত ধৰে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰকাশ শইকীয়াই । টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাহিত্যিক পেঞ্চনাৰ তথা সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱালে অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7569daea-1b69-4333-88f8-91c51b56120f/8bb38785-91f7-4908-b5fd-3a5d2d3b1bd9.jpg)
তেঁও নতুন শিক্ষানীতিৰ ওপৰত আলোকপাত কৰাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীসকলক নৈতিক চৰিত্ৰ গঠন আধ্যাত্মিক চিন্তা চৰ্চা তথা কিতাপৰ বন্ধু হৈ ভাল কিতাপ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী কুমাৰ গগৈয়ে ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f913b03d-953c-4f63-9a67-65d71fe5521a/a282d501-41b6-41e8-820e-63f169ebc7fb.jpg)
লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ যিকোনো বিপদ আহিলেও মানসিকভাৱে হতাশ নহৈ কৰ্তব্য নিষ্ঠাৰে অগ্ৰসৰ হ'বলৈ আহ্বান জনায় । ইফালে সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অতি চমু ভাষণত ছাত্ৰ-ছাত্ৰীসকলক সাৰুৱা পৰামৰ্শ প্ৰদান কৰে ।
ভাষণত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অধ্যব্যসায়, কষ্ট, অধ্যয়নৰ জৰিয়তে সফলতা নিশ্চিত বুলি কৈ এইক্ষেত্ৰত বিভিন্ন বিশিষ্ট ব্যক্তিৰ সফলতাৰ উদাহৰণ দাঙি ধৰে । লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সামাজিক দায়বদ্ধতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। ব্যক্তিকেন্দ্ৰিক মানুহতকৈ সামাজিক দায়বদ্ধতাৰে অগ্ৰসৰ হোৱা মানুহক সমাজে ভাল পায় বুলি মতপ্ৰকাশ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1e5e0d64-2505-42b9-8299-c12c1cec7833/04cf266d-3a67-4154-b8f8-a361abe047c6.jpg)
তেওঁ মাতৃভাষা সলসলীয়াকৈ লিখা আৰু কোৱাত গুৰুত্ব দিয়াৰ লগতে ইয়াক পণ হিচাপে ল'বলৈ আহ্বান জনায় । অন্যহাতে সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে তৰাজান চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কোঁৱৰ ডিৰিয়াল, চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশ জ্যোতি শৰ্মাই। তেঁওলোকে বিভিন্ন পৰামৰ্শৰে চমু ভাষণ দিয়ে।
সভাত অতিথি হিচাপে উপস্থিত থাকে- আছু'ৰ সাংগঠনিক সম্পাদক বুলবুল দত্ত, কাৰ্যনিবাহক সদস্য কনক গগৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন চেত্ৰী, উপ-সভাপতি উমানন্দ গোহাঁই , কাৰ্যনিৰ্বাহক সদস্য দ্বীপজ্যোতি শইকীয়া, ডিব্ৰুগড় জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অমৃত সোনোৱাল, টেঙাখাত আঞ্চলিকৰ সভাপতি মইনা হাজৰীকা আদি ।
উল্লেখ্য যে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণৰ সংখ্যা ২৫০ গৰাকী। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৪৫ গৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8fd49b4f-d3c5-4d6d-bb3f-9b2fd93f33d3/4ac1a047-0417-4275-a7f2-dc70bc5e26e6.jpg)
সৰ্বমুঠ ২৯৫ গৰাকী ছাত্ৰ- ছাত্ৰীক টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া, সাধাৰণ সম্পাদক প্ৰকাশ শইকীয়া আৰু শিক্ষা সম্পাদক যদুমণি গগৈ স্বাক্ষৰিত অভিনন্দন পত্ৰ আৰু একোখনকৈ টোকা বহীৰে সম্বৰ্ধনা জনায় ।
Also Read: নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চানডে স্কুলৰ বস্ত্ৰ উৎপাদন মুকলি