কামপুৰত মাঘী পূৰ্ণিমা উপলক্ষে মাংগলিক অনুষ্ঠানঃ তিনি কীৰ্তিমানক সম্বৰ্ধনা...

শ্ৰীকৃষ্ণৰ ৰাস লীলাৰে মাংগলিক অনুষ্ঠানৰ শুভ উদ্বোধন
কামপুৰত মাঘী পূৰ্ণিমা উপলক্ষে মাংগলিক অনুষ্ঠানঃ তিনি কীৰ্তিমানক সম্বৰ্ধনা...
কামপুৰত মাঘী পূৰ্ণিমা উপলক্ষে মাংগলিক অনুষ্ঠানঃ তিনি কীৰ্তিমানক সম্বৰ্ধনা...

ডিজিটেল সংবাদ কামপুৰঃ কামপুৰ অঞ্চলৰ ভক্ত প্ৰাণ ৰাইজৰ সহযোগত মাঘী পূৰ্ণিমা উপলক্ষে আজি কামপুৰত এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয়। কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত অনুষ্ঠিত এই মাংগলিক অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে কামপুৰ উন্নতি সাধিনী সভাৰ সম্পাদক জনাৰ্দন বৰাই।

দিনৰ এঘাৰ বজাত কামপুৰ শিশু নিকেতনৰ কনমানি শিশুসকলৰ দ্বাৰা পৰিবেশিত শিশু শ্ৰী কৃষ্ণৰ ৰাস লীলাৰে মাংগলিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হয়। ইয়াৰ পিছতে ইতিমধ্যে সামাজিক মাধ্যমত শীৰ্ষ স্থান দখল কৰা মৰিগাঁৱৰ মিনাক্ষী বৰাৰ নামতি দল আৰু ধৰমতুলৰ হিয়া বায়নৰ নামতি দলে নাম পৰিবেশ কৰি ধৰ্মপ্ৰাণ ৰাইজক আপ্লুত কৰি তোলে।

এই মাংগলিক অনুষ্ঠানতে সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কামপুৰলৈ গৌৰৱ কঢ়িয়াই অনা তিনি কীৰ্তিমান ভাস্কৰ শিখা শইকীয়া, বিতু বৈশ্য আৰু নৱজ্যোতি দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

কামপুৰত মাঘী পূৰ্ণিমা উপলক্ষে মাংগলিক অনুষ্ঠানঃ তিনি কীৰ্তিমানক সম্বৰ্ধনা...
কোকৰাঝাৰত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in