কোকৰাঝাৰত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন...

জনজাতিৰণ প্ৰদান নকৰাক লৈ ক্ষোভ
কোকৰাঝাৰত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন...
কোকৰাঝাৰত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কোকৰাঝাৰতো ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। বি টি আৰ কোচ ৰাজবংশী সন্মিলনীৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত কোকৰাঝাৰৰ চিলাৰায় ভৱন প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়।

ৰাতিপুৱা পতাকা উত্তোলনেেৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বি টি আৰ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে ৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে সন্মিলনীৰ সাধাৰণ সম্পাদক নিবাছ চৌধুৰী আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সন্মিলনীৰ উপ-সভাপতি অপূৰ্ব বৰ্মনে ৷

উল্লেখ্য যে, বিয়লী কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু বি টি আৰত কোচ ৰাজবংশী উন্নয়ণ ব'ৰ্ড গঠন কৰাক বিষয়টোক লৈ এক আলোচনাচক্ৰ অনুষ্ঠিত হয়৷ ইপিনে দীৰ্ঘদিন দিন ধৰি দাবী জনাই অহাৰ পিছতো কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত গুৰুত্ব নিদিয়াত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভ প্ৰকাশ কৰিছে সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে ৷

ইয়াৰ প্ৰত্যুত্তোৰ আসন্ন লোকসভা নিৰ্বাচনত বেলটৰ জৰিয়তে প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে সন্মিলনীৰ সভাপতিগৰাকীয়ে ৷ একেদৰে বি টি আৰ এলেকাত কোচ ৰাজবংশী উন্নয়ণ ব'ৰ্ড গঠন কৰাৰ বাবে বি টি আৰ প্ৰধান প্ৰমোদ বড়োক দাবী জনাই অহা হৈছিল যদিও বিষয়টোক লৈ কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে। সেয়ে ইয়াৰো প্ৰত্যুত্তোৰো প্ৰমোদ বড়োক বেলটৰ জৰিয়তে দিয়া হব বুলি মন্তব্য কৰিছে ৷

কোকৰাঝাৰত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন...
'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ফেচিষ্ট নেকি?' এই প্ৰশ্নৰ উত্তৰ দি বিপদত গুগলৰ এ আই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in