'ক'ত হেৰাল গেৰুৱা দলৰ দিচাং-টেকেলিফুটা দলংৰ প্ৰতিশ্ৰুতি'- আছু

'ক'ত হেৰাল গেৰুৱা দলৰ দিচাং-টেকেলিফুটা দলংৰ প্ৰতিশ্ৰুতি'- আছু

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাবাসীৰ এক সপোন। যাক লৈ প্ৰতিগৰাকী  ঢকুৱাখনীয়াই মনত সাঁচিছিল এক মধুৰ কল্পনা। যাৰ সৈতে সম্পৃক্ত হৈ আছিল ঢকুৱাখনাবাসীৰ জীৱন জীৱিকা আৰু উত্তৰণমুখী যাত্ৰা। কিন্তু বাস্তৱত সেয়া প্ৰতিফলন নহ'ল । ঢকুৱাখনাবাসীৰ মনত সঞ্চিত সেই মধুৰ স্বপ্ন হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰস্তাৱিত দিচাং-টেকেলিফুটা দলঙৰ।

২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰী আছিল ঢকুৱাখনাবাসীৰ বাবে এক সুদিন । দৰাচলতে ঢকুৱাখনাবাসীৰ বাবে সেই সুদিন আজিৰ দিনত পতিত হৈছে এক দুৰ্দিন আৰু প্ৰতাৰণাৰ দলিল হিচাপে। তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ স্থলপথ মন্ত্ৰী নিটিন গাদকাৰীযে  সাংসদ সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মন্ত্ৰী নব দলেক কাষত লৈ আধাৰশিলা স্থাপন কৰিছিল দিচাং-টেকেলিফুটা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ। গেৰুৱা দলটোৰ নিৰ্বাচনী প্ৰাকক্ষণত আয়োজিত এই আধাৰশিলা অনুষ্ঠানৰ বিশাল মণ্ডপত সেই আধাৰশিলাৰ জীৱন্ত সাক্ষী হৈ উপস্থিত আছিল লক্ষ্যাধিক জনতা ।

বকুলগুৰিৰ ব্ৰহ্মপুত্ৰ মহাবিদ্যালয়ৰ দাঁতিত স্থাপিত এই আধাৰশিলাই আজিৰ দিনত ঢকুৱাখনাবাসীৰ মনত মগজুত এক  দুঃস্বপ্ন হৈ থিয় দি ৰৈছে। কাৰণ অজস্ৰ ঢকুৱাখনীয়াৰ উপস্থিতিত স্থাপন কৰা এই আধাৰশিলা আজিৰ দিনত হলগৈ গেৰুৱা দলটোৰ এক প্ৰতাৰণাৰ জীৱন্ত দলিল।

আধাৰশিলা স্থাপনৰ বিগত ৮ টা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো বাস্তৱতাৰ মুখ নেদেখিলে এই চৰকাৰী পৃষ্ঠপোষকতাৰ আঁচনিখনে। গেৰুৱা দলটোৰ কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ দ্বাৰা স্থাপিত এই আধাৰশিলা ফলকে আজিও সুঁৱৰি আছে প্ৰতাৰণাৰ এই জীৱন্ত দলিলৰ নিৰ্মোহ বাস্তৱক। কেৱল নিৰ্বাচনৰ কালত ঢকুৱাখনাবাসীক প্ৰবঞ্চনা কৰিবলৈকে স্থাপন কৰা সেই আধাৰশিলা আৰু প্ৰতাৰণাকলৈ বিতুষ্ট ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষণত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক জ্ঞানদীপ বৰাই কয় বাস্তৱিকতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ দ্বাৰা স্থাপন কৰা এই আধাৰশিলা আজিৰ দিনত উচিষ্ট উপেক্ষিত হৈ পৰি ৰোৱাটোৱে প্ৰকট কৰিছে গেৰুৱা দল আৰু এই দলৰ চৰকাৰখনৰ ঢকুৱাখনাবাসীৰ প্ৰতি থকা ফোঁপোলা জনদায়বদ্ধতা । ৮টা বছৰে দলং নিৰ্মাণৰ নামত এচপৰা মাটিও নপৰা গেৰুৱা দল চৰকাৰৰ এনে জীয়া ফাঁকিয়ে উদঙাই দিছে এনেবোৰ প্ৰতাৰক দল চৰকাৰৰ প্ৰকৃত স্বৰূপ। ছাত্ৰ নেতা গৰাকীয়ে বিশ্বাসঘাটক বিজেপি আৰু বিশ্বাসঘাটক গেৰুৱা চৰকাৰ আখ্যা দি কয় ঢকুৱাখনাবাসীৰ প্ৰতি প্ৰদৰ্শন কৰা এনে মাহী আইৰ দৃষ্টি সহনীয় নহয় ।

ছাত্ৰ নেতাগৰাকীয়ে এই অৱহেলিত দলংখন নিৰ্মাণৰ কৰ্ম আঁচনি তাৎক্ষণিক ভাৱে গ্ৰহণ কৰা, জোনাইৰ পৰা মাজুলী পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ৰেল লাইন স্থাপন কৰা, তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী শৰ্মাই নিজে ঘোষণা কৰি যোৱা লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন ঢকুৱাখনালৈ স্থানান্তৰ কৰা আদি সাৰ্বজনীন দাবীসমূহ তৎকালে কাৰ্যকৰী কৰি নিজৰ কাৰ্যদক্ষতা প্ৰতিপন্ন কৰাৰ দাবী জনায় ।

কেৱল ভূমিপট্টা প্ৰদান কৰিবলৈকে ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি ঢপলিয়াই অহা মুখ্যমন্ত্ৰী গৰাকীয়ে উপৰিউক্ত দাবীসমূহৰ ওপৰতো নিজৰ দল আৰু চৰকাৰৰ সুস্পষ্ট মতামত সোমবাৰৰ সভাত দাঙি ধৰাৰ দাবী জনাইছে । অন্যথাই অনাগত সময়ত গেৰুৱা দল আৰু চৰকাৰৰ এনে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত প্ৰতাৰণামূলক স্থিতিৰ বিৰুদ্ধে সবল গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সকীয়নী প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ঢকুৱাখনা মহকুমা সমিতিয়ে ।

'ক'ত হেৰাল গেৰুৱা দলৰ দিচাং-টেকেলিফুটা দলংৰ প্ৰতিশ্ৰুতি'- আছু
কাজলগাঁৱত ইউপিপিএলৰ ২২ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in