/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9d9bde84-3e54-432d-a26b-ca464568ee5a/hindu_milan_24.jpg)
নগাঁও হিন্দু মিলন মন্দিৰত বাৰ্ষিক মহোৎসৱ মাঘী পূৰ্ণিমা উৎসৱ উৎযাপন...
ডিজিটেল সংবাদ নগাঁও: বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ভাৰত সেৱাশ্ৰম সংঘ অনুমোদিত নগাঁও হিন্দু মিলন মন্দিৰৰ বাৰ্ষিক উৎসৱ শ্ৰী শ্ৰী মাঘী পূৰ্ণিমা মহোৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয়। কাৰ্যসূচীৰ প্ৰথম দিনা নিৰ্ধাৰিতসমূহ কাৰ্যসূচী সফল ৰূপায়নৰ পাছত আজি দ্বিতীয় দিনা ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰতিষ্ঠাতা যুগাচাৰ্য শ্ৰীমৎ স্বামী প্ৰণবানন্দজী মহাৰাজৰ ১২৯ তম আৰ্বিভাৱ তিথিৰ লগত সংগতি ৰাখি মন্দিৰ পাংগনৰ পৰা চহৰখনৰ মাজেৰে এক ধৰ্মীয় শুভাযাত্ৰা বাহিৰ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a1e06efc-2124-4380-9178-c88f4fd3ebfc/75778b61_6228_40e8_8f6f_5d621785301c.jpg)
শুভাযাত্ৰাত পুৰুষ মহিলাৰ, বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ লগতে মন্দিৰ সমিতিৰসমূহ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে। সন্ধিয়া মহাশঙ্খ ধ্বনিৰে শ্ৰী শ্ৰী গুৰু মহাৰাজৰ ১২৯ সংখ্যক জন্মলগ্ন উলুধ্বনি ঘোষণা আৰু প্ৰদীপ প্ৰজ্বলনৰ পাছতে কাৰ্য্যসূচী অনুসৰি ভজন, কীৰ্ত্তন, শ্ৰী শ্ৰী সংঘগীতা পাঠ, শ্ৰী শ্ৰী গুৰু মহাৰাজৰ মহাজীৱনী পাঠ, ধৰ্মালোচনী আৰু পূজাৰতি অনুষ্ঠিত হ'ব।
Also Read: নগাঁৱত ম’হ চুৰি কৰি আৰক্ষীৰ জালত তিনি চোৰ...