ধিং পাব্লিক হাইস্কুলৰ আলোচনী সন্ধানীৰ শুভ উন্মোচন
ধিং পাব্লিক হাইস্কুলৰ আলোচনী সন্ধানীৰ শুভ উন্মোচন

ধিং পাব্লিক হাইস্কুলৰ আলোচনী সন্ধানীৰ শুভ উন্মোচন

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ঐতিহ্যমণ্ডিত তথা অগ্ৰণী শিক্ষানুষ্ঠান ধিং পাব্লিক হাইস্কুলৰ দেৱাল আলোচনী "সন্ধানী"ৰ শুকুৰবাৰে শুভ উন্মোচন কৰা হয়। ধিং পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলামে উন্মোচন কৰা দেৱাল আলোচনীখনৰ সম্পাদনা কৰে পূণ্য প্ৰকাশ বৰা নামৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰই।

কবিতা, প্ৰৱন্ধ, অনুবাদ কবিতা, গল্প, ছবি, স্থিৰচিত্ৰৰ সমাহাৰে প্ৰস্তত কৰা "সন্ধানী" শীৰ্ষক দেৱাল আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটিৰ উন্মোচনী অনুষ্ঠানটিত আলোচনী খনৰ তত্বাৱধায়ক শিক্ষক প্ৰেমেশ্বৰ ঠাকুৰীয়া, ৰাতুল কুমাৰ শইকীয়া, বিদিপ্তা বৰাকে প্ৰমুখ্য কৰি বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী বৃন্দ, ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in