/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ba28cbde-f66b-4731-bb83-b0b360c37eeb/jajori_24.jpg)
জাজৰি ঢলপুৰীয়াত মহাৰজত জয়ন্তী উৎসৱক লৈ উখল মাখল পৰিবেশ...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ বছৰযোৰা প্ৰস্তুতিৰ অন্তত বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি ঢলপুৰীয়া যুৱক সংঘ অনন্ত পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰৰ মহাৰজত জয়ন্তী উৎসৱ উলহ মালহৰে অহা ২৫ জানুৱাৰীৰ পৰা উদযাপন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আজি এক সংবাদমেল সম্বোধন কৰি উদযাপন সমিতিৰ সম্পাদক দুলাল বৰাই কয় যে- আজিৰ পৰা ৭৫ বছৰ পূৰ্বে অঞ্চলটোৰ যিসকল মহান ব্যক্তিয়ে এই পুথিভঁৰাল ৰূপী বৃক্ষদাল ৰোপণ কৰিছিল আজি তেখেতসকলৰ বাবেই আমি এই অনুষ্ঠানটো উদযাপন কৰিবলৈ সুবিধা পালোঁ। এই পুথিভঁৰাল তথা সামূহিক কেন্দ্ৰৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ বিছাৰি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। বৌদ্ধিক আলোচনাৰ লগতে সাংস্কৃতিক জাগৰণ জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছোঁ এই মহাৰজত জয়ন্তী উৎসৱৰ জৰিয়তে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a86f2e61-626c-4303-8c2c-7a70f8c37892/2aba66d8_4965_47c5_bc4a_242177e3fc62.jpg)
নগাঁও জিলাৰ জাজৰি ঢলপুৰীয়া গাঁৱৰ নাচনী পথাৰত আয়োজন কৰিবলৈ লোৱা এই মহাৰজত জয়ন্তী উৎসৱ প্ৰথম দিনা ২৫ জানুৱাৰীৰ কাৰ্যসূচী হিচাপে স্থানীয় সমাজকৰ্মী আৰু গাঁৱৰ বয়োজেষ্ঠ ৭৫ গৰাকী ব্যক্তিৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হ'ব। লগে লগেই আৰম্ভ হ'ব সাংস্কৃতিক শোভাযাত্ৰাৰ।
দুটাকৈ দতাল হাতীৰ লগতে অভিনেতা অৰুন হাজৰিকা, কন্ঠশিল্পী কৃষ্ণ মনি নাথ আৰু অভিনেতা ৰাগ ঐনিতমে অংশগ্ৰহণ কৰিব বুলি সাংস্কৃতিক বিভাগৰ সম্পাদক বুন বৰাই জানিবলৈ দিয়ে। সেইদিনা বিয়লি মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নিবন্ধকাৰ ময়ুৰ বৰা, শিশু সাহিত্যিক যুগল লোচন দাস, নেপালী সাহিত্যত সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপক কে.বি.নেপালী।
অনুষ্ঠানতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে। নিশাৰ ভাগলৈ অনুষ্ঠিত হ'ব "নাচনী পথাৰত নাচে গানে এসন্ধ্যা"নামৰ এক মনোৰঞ্জনমূলক অনুষ্ঠান। উক্ত অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে বেহেৰবাৰী আউট পষ্ট ধাৰাবাহিকৰ জৰিয়তে জনপ্ৰিয় হোৱা কে কে(সিদ্ধাৰ্থ শৰ্মা)ৰ লগতে বৰ্তমান সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰাৰ্থ প্ৰতিম বৈশ্যৰ বেণ্ড থ্ৰী।
দিতীয় দিনাৰ কাৰ্যসূচীত আবৃত্তি, কুইজ প্ৰতিযোগিতাৰ দৰে আকৰ্ষণিয় বৌদ্ধিক কাৰ্যসূচী ৰখাৰ লগতে নিশালৈ গীত পৰিৱেশন কৰিব সকলোৰে সমাদৃত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই। অন্তিম দিনা ২৭ জানুৱাৰীৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে বিয়া নাম, দিহানাম প্ৰতিযোগিতাৰ লগতে মুকলি আলোচনা চক্ৰ।
আলোচনাৰ বিষয় 'যুৱ মানসিকতাৰ উশৃঙ্খলতা'। নিশালৈ অনুষ্ঠিত হ'ব এখনি সামাজিক নাটক 'দানব'। উল্লেখযোগ্য যে এই মঞ্চতেই গাঁৱৰ কেইগৰাকী মান শিশুক লৈ মঞ্চস্থ হ'ব শিশু নাটক "টোপনি ৰজাৰ বিছাৰ"।
উল্লেখযোগ্য যে, এটা ঐতিহাসিক স্মৃতি বুকুত বান্ধি গাঁৱৰ ৰাইজ আৰু অঞ্চলটোৰ দল সংগঠন একত্ৰিত হৈ যোৱা ২৩ এপ্ৰিলত ৭৫ গৰাকী আয়তীয়ে বৰদোৱাৰ পৰা গঙ্গা জল আনি পুনৰ নিৰ্মিত ভবনটো শুভাৰম্ভ কৰি মহাৰজত জয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ পিছত সাংস্কৃতিক কৰ্মশালা, জী জোৱাই সন্মিলন, স্বাস্থ্য শিবিৰ, কবিতা পাঠৰ অনুষ্ঠান, চাফাই অভিযানকে ধৰি বহু কেইটা গঠনমূলক কাৰ্যসূচী সমাপন হৈ যাব।
আজি সংবাদমেলত উদযাপন সমিতিৰ সভাপতি জীৱন ৰাম বৰা, কাৰ্যকৰী সভাপতি লক্ষীৰাম বৰা, সাধাৰণ সম্পাদক দুলাল বৰা, সাংস্কৃতিক সম্পাদক বুন বৰা, সভাপতি দিলীপ শইকীয়া, স্মৃতি গ্ৰন্থৰ সভাপতি প্ৰদীপ বৰা, সম্পাদক দেব বৰাকে আদি কৰি কেইবাগৰাকী লোক উপস্থিত থাকি আড়ম্বৰ পূৰ্ণভাবে আয়োজন কৰা এই মহাৰজত জয়ন্তী উৎসৱত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে।
Also Read: প্ৰতিদিন টাইমৰ জ্যেষ্ঠ ফটো সাংবাদিক তিলক মগৰৰ শেষ নিশ্বাস ত্যাগ...