পঞ্চায়তে পঞ্চায়তে প্ৰতিবাদ: এইবাৰ উত্তাল কামপুৰৰ লংজাপ পঞ্চায়তৰ কাৰ্যালয়...

পঞ্চায়তে পঞ্চায়তে প্ৰতিবাদ: এইবাৰ উত্তাল কামপুৰৰ লংজাপ পঞ্চায়তৰ কাৰ্যালয়...

ডিজিটেল ডেস্ক : সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনোৱা ব্লক আৰু পঞ্চায়ত কাৰ্যালয়ত ৰাষ্ট্রজোৰা প্রতিবাদ কাৰ্যসূচীৰ অংশ হিচাবে শণিবাৰে লংজাপ পঞ্চায়ত কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়।

কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে কোম্পানীৰ স্বাৰ্থপৰ মোডী চৰকাৰ মুৰ্দাবাদ, দুখীয়া কৃষি আৰু শ্রমজীৱী ৰাইজৰ জীৱন-জীৱিকাৰ সংগ্রাম চলিছে চলিবই, সকলো ৰাইজৰ বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ বুলি আইন ৰূপায়ন কৰক, সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত সকলক পুনৰ সংস্থাপন দিয়ক, মূল্য বৃদ্ধি বন্ধ কৰক নহ'লে মোডী গাডী এৰক, প্রধানমন্ত্রী আৱাস যোজনাৰ ধন পাঁচ লাখ টকালৈ বৃদ্ধি কৰক, দুখীয়া পৰিয়ালক প্রতি মাহে ২০০ ইউনিট বিদ্যুৎ ৰেহাই দিয়ক, বৃদ্ধ-বিধৱা আৰু অবিবাহিতাৰ পেন্সন ৩০০০ টকালৈ বৃদ্ধি কৰক আদি দাবীৰে ধর্ণা স্থলী উত্তাল কৰি তোলে।

কাৰ্যসূচীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তথা সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃ আয়েফা বেগম আৰু জিলা সভাপতি ইছৱ আলী আৰু পঞ্চায়ত সভাপতি জয়নাল আবদিনকে ধৰি অৰ্ধ শতাধিক লোক উপস্থিত থাকে। কাৰ্যসূচীৰ অন্তত নেতা দুজনে সকলো কৃষি আৰু শ্ৰমজীৱি ৰাইজ এক হোৱাৰ আহ্বানত আৰু জনগণৰ ওপৰত নমা সকলো ধৰণৰ আক্ৰমণৰ বিৰুদ্ধে মে' দিৱস উদযাপন কৰাৰ আহ্বান জনায়।

পঞ্চায়তে পঞ্চায়তে প্ৰতিবাদ: এইবাৰ উত্তাল কামপুৰৰ লংজাপ পঞ্চায়তৰ কাৰ্যালয়...
'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ "দামোদৰদেৱ বঁটা ২০২৩"...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in