
ডিজিটেল সংবাদ কামপুৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম প্ৰতিস্থাপক , পদাধিকাৰ তথা স্বাধীনতা সংগ্ৰামী লোকসেৱক হলধৰ ভূঞাৰ ১৩২ সংখ্যক জন্ম জয়ন্তী আজি কামপুৰত পালন কৰা হয়। লোকসেৱকৰ জন্ম জয়ন্তী উৎসৱটি শ্ৰীমন্ত শংকৰদেৱ সংঘ কামপুৰ জিলা শাখাৰ উদ্যোগত পুৱাৰে পৰা বিস্তৃত কাৰ্যসূচীৰে অনুস্থিত কৰে।
পুৱাৰ পৰা কামপুৰ জিলা শাখা নামঘৰত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে ।এই উপলক্ষে কামপুৰ অঞ্চলৰ চাৰিগৰাকী শংকৰী সাধকৰ স্মৃতিচাৰন অনুস্থান অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথমগৰাকী প্ৰতিস্থাপক,পদাধিকাৰ লোকসেৱক হলধৰ ভূঞাৰ স্মৃতিচাৰন কৰে চিকিৎসক স্বৰাজ মোহন বৰাই।
আন এগৰাকী পদাধিকাৰ লক্ষেশ্বৰ শইকীয়াৰ স্মৃতিচাৰন কৰে কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাই। শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰথমগৰাকী কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক লক্ষেশ্বৰ গোহাঁয়ে স্মৃতিচাৰন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গজেন লস্কৰে আৰু আন এগৰাকী সাংস্কৃতিক সম্পাদক শংকৰী সাধক গোলাপ মহন্তৰ স্মৃতিচাৰণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তুলসীমোহন বৰাই।
কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতি চাৰণ সভাখনত কামপুৰ জিলা শাখাৰ অন্তৰ্গত সোতৰগৰাকী বয়োজেষ্ঠ্য ভকতক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনাই শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত শংকৰ সংঘৰ জিলা শাখাৰ প্ৰাক্তন সভাপতি ৰবিৰাম শইকীয়া, বিভূতি ভূষণ বৰঠাকুৰকে আদি কৰি বিশিষ্ট শংকৰী সাধকসকল উপস্থিত থাকে।
ইফালে লোকসেৱক হলধৰ ভূঞাৰ জন্মগাঁও কামপুৰৰ তেঁতেলীসৰাতো লোকসেৱকৰ জন্মজয়ন্তুী উৎসৱটি উদযাপন কৰে। লোকসেৱকৰ জন্মগাঁৱত থকা প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিঘৰৰ পদুলিত এগচিকৈ বন্তি প্ৰজ্বলন কৰি লোকসেৱকৰ প্ৰতি সন্মান জনায়।
ইফালে শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই কামপুৰৰ ঐতিহ্যমণ্ডিত কামপুৰ কেন্দ্ৰীয় নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱটি কেন্দ্ৰীয় ভাৱে কামপুৰ জিলা শাখাৰ আতিথ্যত আৰু কামপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগত আয়োজন কৰিব। শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি এখনি কেন্দ্ৰীয় নাট সমাৰোহৰো আয়োজন কৰিছে সংঘৰ কেন্দ্ৰীয় সমিতিয়ে।
কামপুৰ জিলা শাখাৰ সহযোগত বিয়লি তিনিবজাত কামপুৰ কেন্দ্ৰীয় নামঘৰত নাট সমাৰোহৰ উদ্বোধনী সভাখন অনুষ্ঠিত হ'ব।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্বোধন কৰিবলগীয়া অনুষ্ঠানটোত উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক বিভাগৰ সম্পাদক প্ৰৱিত্ৰ প্ৰাণ বৰা।
এই নাট সমাৰোহত এঘাৰটা নাট্যদলৰ মাজত ঝুমুৰাৰ নাটৰ প্ৰতিযোগিতা অনুস্থিত কৰাৰ লগতে মহাপুৰুষ জনাৰ দ্বাৰা ৰচিত দুখন অংকীয়া নাট প্ৰদৰ্শন কৰিব বুলি জনা গৈছে। অনুস্থানটোৰ তিনিদিনৰ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে আদৰণি সমিতিয়ে।