চীনৰ দাবী চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা নাই 'চন্দ্ৰযান-৩'...

চীনৰ দাবী চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা নাই 'চন্দ্ৰযান-৩'...

author-image
Asomiya Pratidin
New Update
চন্দ্ৰত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ বিশ্বজুৰি উৎকণ্ঠা...

চীনৰ দাবী চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা নাই 'চন্দ্ৰযান-৩'...

ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযান অভিযান সামৰি ৰ'ভাৰ প্ৰজ্ঞান আৰু লেণ্ডাৰ বিক্ৰম এতিয়া শুই আছে চন্দ্ৰত। অভিযানৰ জৰিয়তে প্ৰজ্ঞানে যি তথ্য প্ৰেৰণ কৰিলে সেয়াই যথেষ্ট বুলি কৈছে ইছৰোৱে।

Advertisment

কিন্তু ইয়াৰ মাজতে চীনে দাবী কৰিছে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাই। এয়া শুদ্ধ নহয়। চীনৰ এগৰাকী শীৰ্ষ বিজ্ঞানীৰ দাবী ভাৰতৰ চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ যি স্থানত অৱতৰণ কৰিছিল সেই স্থানক দক্ষিণ মেৰু বুলিব নোৱাৰি।

কেৱল সেয়াই নহয়, তেওঁৰ মতে চন্দ্ৰযান-৩ মেৰু অঞ্চলতো অৱতৰণ কৰা নাই। চীনৰ শীৰ্ষ বিজ্ঞানী ওৱাং জিয়ানে নামৰ বিজ্ঞানীজনে এই দাবী কৰিছে। উল্লেখ্য যে, এই ওৱাং জিয়ান হৈছে বেইজিঙৰ প্ৰথম চন্দ্ৰ অভিযানৰ আঁৰৰ মুখ্য বিজ্ঞানী।

তেওঁ কয়, চন্দ্ৰপৃষ্ঠত ভাৰতৰ অৱতৰণ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চল নহয়। আনকি এণ্টাৰ্কটিক মেৰু অঞ্চলৰ ওচৰতো নপৰে। চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ দক্ষিণে প্ৰায় ৬৯ ডিগ্ৰী অক্ষাংশত অৱতৰণ কৰিছিল। তেওঁৰ মতে এয়া চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধ কিন্তু মেৰু অঞ্চল নহয়।

অৱশ্যে নাছাই ভাৰতৰ এই অভিযানক স্বীকৃতি দিয়াই নহয়, ভাৰতৰ দাবী মানি লৈছে। নাছাই ভাৰতৰ এই সফল অভিযানৰ বাবে অভিনন্দন জনাইছে।

Also Read: অৰুণাচল প্ৰদেশত দুৰ্ধষ বিদ্ৰোহীৰ আত্মসমৰ্পণ...