কচুৱাৰ পুঠিমাৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

কচুৱাৰ পুঠিমাৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
কচুৱাৰ পুঠিমাৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলী বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যুৎ বিভাগৰ কৰ্মীয়ে কৰ্মৰ প্ৰতি হেমাহি কৰা বাবে অঞ্চলটো মৰণফাণ্ডত পৰিণত হৈছে বুলি ৰাইজে অভিযোগ কৰে।

Advertisment

সেয়ে সোমবাৰে এজন শ্ৰমিক বিদ্যুৎপৃষ্ঠ হৈ অকাল মৃত্যুক সাৱতি লয়। উত্তৰ প্ৰদেশৰ অশোক কুমাৰ যাদৱ নামৰ লোকজনৰ ধানৰ মৰনা মৰা মেচিনত বিদ্যুৎ প্ৰবাহিত তাৰ লাগি লোকজনৰ মৃত্যু হয়।

সমগ্ৰ পুঠিমাৰী অঞ্চলত বিদ্যুৎ পৰিবাহী তাৰবোৰ অতিকে বিপদজনক ভাৱে ওলমি থকাত বহুবাৰ কঠীয়াতলী বিদ্যুৎ বিভাগৰ বিষয়াক অৱগত কৰা পিছতো কোনো পদক্ষেপ নোলোৱাত বহুকেইটা অঘটন সংঘটিত হৈছে।

ইতিমধ্যে ৩ জনকৈ লোক বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুক আঁকোৱালি লোৱা বুলি ৰাইজে অভিযোগ কৰিছে।এনে পৰিস্থিতিত বিদ্যুৎ বিভাগৰ এই হেমাহিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইয়াৰ বিৰুদ্ধে উচ্চ মহলক ব্যৱস্থা লোৱাৰ দাবী জনাই ৰাইজে।

Also Read: আৰক্ষীৰ জালত মানকাচৰৰ দুজন কিশোৰী ধৰ্ষণকাৰী

nagaon protest