আৰক্ষীৰ জালত মানকাচৰৰ দুজন কিশোৰী ধৰ্ষণকাৰী

আৰক্ষীৰ জালত মানকাচৰৰ দুজন কিশোৰী ধৰ্ষণকাৰী

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ জালত মানকাচৰৰ দুজন কিশোৰী ধৰ্ষণকাৰী

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষীয়ে বুধবাৰে নিশা দুটা পৃথক অভিযানৰ জৰিয়তে দুটা পৃথক ঘটনাৰ দুই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে।

Advertisment

নিশা প্ৰায় ১২ বজাত কালাপানী আৰক্ষীৰ দল এটা চিৰাখোৱা-কুটিঘাটত গাঁৱৰ প্ৰয়াত আব্দুৰ ৰহিমৰ ৩৩ বছৰীয়া পুত্ৰ মজনু সেখক কৰায়ত্ব কৰে। নিশা প্ৰায় ১ বজাত মানুল্ল্যাপাৰাৰ বামুণপাৰা গাঁৱৰ জেল হকৰ ২০ বছৰীয়া পুত্ৰ বাবৰ আলী ওৰফে বাবু সেখক কৰায়ত্ব কৰে।

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, মজনু সেখ নামৰ অভিযুক্ত ধৰ্ষণকাৰীজনে ২০ মে’ত বিয়লিৰ ভাগত বজাৰলৈ যোৱা পথৰ এজনী ১৪ বছৰীয়া স্থানীয় কিশোৰীক অপহৰণ কৰে। মজনুয়ে নিজৰ ঘৰত নিশা আৱদ্ধ কৰি ৰাখি কিশোৰীজনীক কেবাবাৰো ধৰ্ষণ কৰাৰ পাচত কিশোৰী গৰাকী অসুস্থ হৈ পৰে।

মূমূৰ্ষ অৱস্থাত পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ভুক্তভোগী কিশোৰীক নিজ ঘৰৰ চোতালত পেলাই থৈ যায়। ঘটনাক লৈ পৰিয়ালৰ লোকে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। পকচো আইৰ অধীনত আৰক্ষীয় মানকাচৰ থানাত ১২২/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰে। নিশা আৰক্ষীয়ে গাঁওখনত অভিযান চলাই অভিযুক্ত ধৰ্ষণকাৰী মজনু সেখক গ্ৰেপ্তাৰ কৰে।

ইফালে বাবৰ আলী ওৰফে বাবু সেখ নামৰ অভিযুক্ত ধৰ্ষণকাৰীজনে মানুল্ল্যাপাৰাৰ এজনী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে। লগতে অপকৰ্মৰ ভিডিঅ' বনাই সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হয়। যোৱা সপ্তাহত ভুক্তভোগী কিশোৰীৰ পৰিয়ালে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে মানকাচৰ থানাত পকচো আইনৰ অধীনত ১১৬/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত চলায়। অভিযুক্ত ধৰ্ষণকাৰী বাবু সেখত যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা দুই ধৰ্ষণকাৰীক আজি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে।

Also Read: সুখচৰত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ কিশোৰ

mancachar rapeist arrested