নগাঁও লায়ন্স ক্লাবৰ সৌজ্যনত বৃক্ষ ৰোপন কাৰ্যসূচী...

নগাঁও লায়ন্স ক্লাবৰ সৌজ্যনত বৃক্ষ ৰোপন কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
নগাঁও লায়ন্স ক্লাবৰ সৌজ্যনত বৃক্ষ ৰোপন কাৰ্যসূচী...

ডিজিটেল সংবাদ, নগাঁওঃ আজি ৫ জুন বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱসৰ উপলক্ষে নগাঁও লায়ন্স ক্লাবৰ সৌজ্যনত বৃক্ষ ৰোপনৰ কাৰ্যসূচী পালন কৰা হয়। নগাঁও লায়ন্স ক্লাবত থকা বাগিছাত কেইজোপা অতি প্ৰয়োজনীয় গছপুলি ৰোপণ কৰাৰ লগতে বেবেজীয়াত লায়ন্স ক্লাৱে সুন্দৰকৈ সজাই তোলা উদ্যান খনত বহুমূলীয়া গছপুলি ৰোপণ কৰা হয়।

Advertisment

ইয়াৰ পিছত বৰঘাটৰ চাৰিআলিৰ দাঁতিতে কেইবাজোপা গছপুলি ৰোপণ কৰা হয়। আজি এই বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱসৰ লগত সংগতি ৰাখি সক্ৰিয় সদস্য ক্ৰমে সম্পাদিকা লায়ন মনিকা সাহা, অজয় মিট্টল, বিশ্বজিৎ মহন্ত, গুৰুচৰন সিংহ ,প্ৰলয় সাহা আৰু প্ৰনৱ দাস সহ সুচাৰুৰূপে দিৱসটি পৰিচালনা কৰে।

Also Read: সুনীল হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ...

lions club world environment day