আমি ৰাজনৈতিকভাৱে হিন্দু নে ধৰ্মীয়ভাৱে হিন্দু সেয়া এক প্ৰশ্নৰ বিষয়: অধ্যক্ষ ড° ৰমেশ নাথ

আমি ৰাজনৈতিকভাৱে হিন্দু নে ধৰ্মীয়ভাৱে হিন্দু সেয়া এক প্ৰশ্নৰ বিষয়: অধ্যক্ষ ড° ৰমেশ নাথ

author-image
Asomiya Pratidin
New Update
আমি ৰাজনৈতিকভাৱে হিন্দু নে ধৰ্মীয়ভাৱে হিন্দু সেয়া এক প্ৰশ্নৰ বিষয়: অধ্যক্ষ ড° ৰমেশ নাথ

ডিজিটেল সংবাদ, বেবেজীয়াঃ খাগৰিজান মহাবিদ্যালয়ত বিগত বৰ্ষৰ দৰে এইবাৰো পঞ্চম বাৰৰ বাবে ডঃ সাগৰ বৰুৱা  নিধি দ্বি-বাৰ্ষিক বক্তৃতানুষ্ঠানটি অনুষ্ঠিত হৈ যায়। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ মনোজ কুমাৰ নাথ।

Advertisment

অনুষ্ঠানত "Idea of North-East & Look East Policy" শীৰ্ষক বক্তৃতানুষ্ঠানটিৰ আদৰণি ভাষণেৰে শুভাৰম্ভণি কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে। আদৰণি ভাষণ প্ৰসংগত ড° নাথে কয় যে আমি ৰাজনৈতিকভাৱে হিন্দু নে ধৰ্মীয়ভাৱে হিন্দু সেয়া এতিয়াও এক প্ৰশ্নৰ বিষয়। লগতে তেওঁ কয় যে নদীমাতৃক দেশ হিচাপে অসমে মূল নদীকেইখনক লৈ কৃষি অৰ্থনৈতিক আৰু জল পৰিবহণৰ দিশটোক বিশেষভাৱে আগবঢ়াই নিব পৰাৰ স্থল আছে।

অনুষ্ঠানত সমল ব্যক্তি ড° মনোজ কুমাৰ নাথে ভাষণ প্ৰসংগত কয় যে , ৯০ দশকত প্ৰয়াত প্ৰধান মন্ত্ৰী পি. ভি.নৰসিংহ ৰাওৰ নেতৃত্বত ছোভিয়েট ৰাছিয়া পতনৰ পিছত চীনৰ শক্তিৰ বিৰুদ্ধে মোকামিলা কৰাৰ উদ্দেশ্যে দক্ষিণ-পূব এছিয়াত দেশসমূহক লৈ সু-সম্পৰ্ক  স্থাপন কৰি ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত এক গতি প্ৰদান কৰাৰ উদ্দেশ্যে আগত ৰাখি পূৱলৈ যোৱা নীতি গ্ৰহণ কৰিছিল। এইক্ষেত্ৰত সফলতা লাভৰ উদ্দেশ্যে সূচল যোগাযোগৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে নতুন নতুন আঁচনি গ্ৰহণ কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত এই নীতি বাস্তৱায়িত নোহোৱাৰ কথা ব্যক্ত কৰে।

এক্ট ইষ্ট নীতিৰ ক্ষেত্ৰত সফল নোহোৱাৰ বিভিন্ন কাৰণসমূহৰ লগতে মূলতঃ ব্যক্তি সম্পৰ্ক, পৰিবহন আৰু পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বেল্ট, কাউন্সিল, আন্তঃৰাজ্যিক পাৰপত্ৰ, বিভিন্ন জনজাতীয় গাঁঠনি আদি এক্ট ইষ্ট নীতি গ্ৰহণৰ ক্ষেত্ৰত অন্তৰায় হিচাপে থিয় দিয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

উক্ত অনুষ্ঠানটি সঞ্চালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট বুৰঞ্জীবিদ ডঃ উত্তম বাথাৰীয়ে। সঞ্চালকৰ ভাষণত তেখেতে উত্তৰ পূৰ্বাঞ্চল তথা দাঁতি কাষৰীয়া ৰাষ্ট্ৰসমূহৰ পৰম্পৰাগত সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিবেশ গঢ় লোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট বাধাসমূহৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে। তেখেতে বিশেষকৈ ৰাজনৈতিক সমন্বয়হীনতা লগতে চুবুৰীয়া ৰাষ্ট্ৰসমূহত ড্ৰাগছ সৰবৰাহ কৰা উত্তৰ পূৰ্বাঞ্চল হৈ ড্ৰাগছ সৰবৰাহ আদি সমস্যাই উক্ত নীতিত সফল নোহোৱাত একপ্ৰকাৰ উদগনি জগাইছে তাৰ ওপৰত এক সমীক্ষামূলক বিশ্লেষণ আগবঢ়ায়।

ডঃ বাথাৰীয়ে এক্ট ইষ্ট নীতিয়ে আগন্তুক দিনত অন্তৰায়সমুহ আঁতৰাই প্ৰযোজ্য হোৱাকৈ ভাৰত ৰাষ্ট্ৰই অনুকূল স্থিতি গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চলে বাণিজ্যিক, যোগাযোগ, ঔদ্যোগিক দিশত আগবাঢ়ি যোৱাৰ লগতে আর্থিকভাৱে স্বাৱলম্বিতা অর্জন কৰিব পাৰিব বুলি মত ব্যক্ত কৰে আৰু ৰাষ্ট্ৰই ইয়াত গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাব।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে অসম সাহিত্য সন্মিলনীৰ প্ৰাক্তন সভাপতি ডঃ সাগৰ বৰুৱা, অসম সাহিত্য সন্মিলনীৰ নগাঁও জিলাৰ সভাপতি খগেন শইকীয়া, সম্পাদক মুকুল বৰা, বিশিষ্ট সাহিত্যিক তথা কথাশিল্পী বটাপ্ৰাপক শিৱানন্দ কাকতি, খাগৰিজান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ দিলীপ শৰ্মা, বিশিষ্ট সমাজকর্মী তথা অৱসৰী অধ্যাপক অমৰেন্দ্ৰ শর্মা, প্ৰবীণ সাংবাদিক তোষেশ্বৰ তামূলী ফুকনকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ৰাইহানুল আহমেদে আৰু শলাগৰ শৰাই আগবঢ়ায় ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মাইনুল হক আকন্দই। সভাখনিৰ আঁত ধৰে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডঃ ৰামেশ্বৰ কুৰ্মীয়ে।

Also Read: তলা ওলমিলে 'অসম গাঁৱলীয়া নিধি লিমিটেড'ত

KHAGORIJAN COLLEGE bebejiya