তলা ওলমিলে 'অসম গাঁৱলীয়া নিধি লিমিটেড'ত

author-image
Asomiya Pratidin
New Update
তলা ওলমিলে 'অসম গাঁৱলীয়া নিধি লিমিটেড'ত

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ গ্ৰাহকৰ সঞ্চিত পুঁজি গোগ্রাসে উদৰস্থ কৰি পলাল এটা থলুৱা বিত্তীয় প্ৰতিষ্ঠান। ঢকুৱাখনা মহকুমাৰ ক্ষুদ্ৰ ব্যৱসায়ী , দৈনিক উপাৰ্জনকাৰী শ্ৰমিক শ্ৰেণীৰ মূৰত মাধমাৰ সোধাই অন্তৰ্ধান হয় প্ৰৱঞ্চক প্ৰতিষ্ঠান অসম গাঁৱলীয়া নিধি লিমিটেড।

Advertisment

ঢকুৱাখনা সদৰৰ মহালক্ষ্মী ভৱনৰ ষ্টেট বেংকৰ ওপৰ মহলৰ এটা ভাড়া ঘৰত এই প্ৰতাৰক বিত্তীয় প্ৰতিষ্ঠানতো থিতাপি লৈ মেলিছিল অৰ্থ সংগ্ৰহৰ বেহা। "আপোনাৰ পাৰিবাৰিক নিধি" বুলি গ্ৰাহকক নিশ্চয়তা প্ৰদান কৰি ঢকুৱাখনাত এই বিত্তীয় প্ৰতিষ্ঠানটোৰ মাণ্ডলীক কাৰ্য্যালয়ো স্থাপন কৰিছিল ।

প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰা গাঁৱৰ পুলিন শইকীয়া। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঘাহি গাঁৱৰ জিতেন তামুলীৰ কন্যা পিংকি তামুলীয়ে শাখা প্ৰৱন্ধক হিচাবে নিযুক্ত হৈ শাখাতো খুলি একাংশ থলুৱা যুৱক-যুৱতীক এজেন্ট হিচাবে নিযুক্তি দিছিল ।

এইসকল এজেন্টেে ঢকুৱাখনা মহকুমাৰ বিভিন্ন স্থানৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী , ঠেলা ৰিক্সা চালক , দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তিৰ পৰা দৈনিক নিৰ্ধাৰিত হাৰত ধন সংগ্ৰহ কৰি শাখাটোত জমা কৰিছিল। বিভিন্ন প্ৰলোভন আৰু অধিক লাভৰ সপোন দেখুৱাই নিয়মিত পুঁজি সংগ্ৰহ কৰিছিল এইসকল এজেন্ট আৰু কৰ্তৃপক্ষই।

পৰৱৰ্তী সময়ত গ্ৰাহকৰ হিচাব বহীত জমাকৃত ধনৰ ম্যাদ ওকলাৰ পৰিপ্ৰেক্ষিত গ্ৰাহকসকলে সঞ্চিত পুঁজি উলিয়াবলৈ নিধিৰ কাৰ্য্যালয়লৈ গৈ এই কাণ্ড পোহৰলৈ আহে। ইয়াৰ পিছতে অন্তৰ্ধান হয় প্ৰতিষ্ঠানটোৰ ভণ্ড এম ডি পুলিন শইকীয়া।

উপায়ন্তৰ ভুক্তভোগী প্ৰৱঞ্চিত গ্ৰাহকৰ একাংশই প্ৰাপ্য পুঁজি বিচাৰি নাপাই অৱশেষত ঢকুৱাখনা সদৰ থানাত প্ৰাপ্য বঞ্চিত বিশ্বজিৎ দত্ত ,মিতুল দত্ত ,লক্ষজিত দত্ত আৰু প্ৰতিমা বৰুৱাই এক গোচৰ ৰুজু কৰে। সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬ ধাৰাৰ অধীনত পঞ্জীভূত গোচৰ (নং-১৯/২০২৪)ৰ ভিত্তিত ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি ডেকাই তদন্ত চলাই আছে। আৰক্ষীয়ে শীঘ্ৰেই দৰিদ্ৰ ৰাইজৰ সঞ্চিত পুঁজি ঘূৰাই অনাৰ আশ্বাস দিছে।

Also Read: ঢকুৱাখনাৰ গঞাক চিনি নাপায় নৱ দলেয়েঃ নিৰ্বাচন বৰ্জনৰ হুংকাৰ জনতাৰ

faurd case dhakuakhana