APSCত কামপুৰৰ লতা ডেকাৰজাৰ সাৰ্ফল্য

APSC চুড়ান্ত পৰীক্ষাত উজলিল নগাঁও জিলাৰ কামপুৰৰ তেতঁলীসৰাৰ গ্ৰাণ্টৰ লতা ডেকাৰজাই।অসম লোক সেৱা পৰীক্ষাত (ACS)ত ৭৯ নং স্থান লাভ কৰে লতা ডেকাৰজাই। কামপুৰৰ তেঁতেলীসৰা গ্ৰাণ্টৰ গাঁৱৰ এটা কৃষিজীৱি পৰিয়ালৰ সন্তুান লতা ডেকাৰজা। সৰুৰে পৰা অতি মেধা সম্পন্ন ছাত্ৰী আছিল লতা ডেকা ৰজা।

author-image
Asomiya Pratidin
New Update
APSCত কামপুৰৰ লতা ডেকাৰজাৰ সাৰ্ফল্য

ডিজিটেল সংবাদ,কামপুৰঃ APSC চুড়ান্ত পৰীক্ষাত উজলিল নগাঁও জিলাৰ কামপুৰৰ তেতঁলীসৰাৰ গ্ৰাণ্টৰ লতা ডেকাৰজাই।অসম লোক সেৱা পৰীক্ষাত (ACS)ত ৭৯ নং স্থান লাভ কৰে লতা ডেকাৰজাই। কামপুৰৰ তেঁতেলীসৰা গ্ৰাণ্টৰ গাঁৱৰ এটা কৃষিজীৱি পৰিয়ালৰ সন্তুান লতা ডেকাৰজা। সৰুৰে পৰা অতি মেধা সম্পন্ন ছাত্ৰী আছিল লতা ডেকা ৰজা।

১৯৯৪ বৰ্ষৰ ২০ ডিচেম্বৰত জন্ম হোৱা লতা ডেকা ৰজাই শিক্ষা জীৱন আৰম্ভ কৰে তেঁতেলীসৰা গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ৰ পৰা। পিতৃ উৎপল ডেকাৰজা আৰু মাতৃ প্ৰতিমা ডেকাৰজাই অতি কষ্টৰ মাজৰে লতাৰ শৈক্ষিক জীৱন আগুৱাই নিয়ে।পঞ্চম শ্ৰেণীৰ পৰা কামপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকত কামপুৰ মহেন্দ্ৰ কন্দলী জুনিয়ৰ কলেজৰ পৰা ৮৬ শতাংশৰো অধিক নম্বৰৰে উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি খ্যাতিৰে বি এ পাছ কৰে।

ইংৰাজী বিষয়ত স্নাতকোত্তৰত (M A) উত্তীৰ্ণ হৈ লাওখোৱা শিক্ষাখণ্ডৰ আমৰাকাণ্ডা ME স্কুলত শিক্ষকতা কৰি আছে। লতাৰ এই সফলতাত পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।

Also Read: ৰাশিকা প্ৰথম হোৱাত আপত্তি কিয়?

nagaon apsc apsc result