উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰহা ৰাজহ চক্ৰৰ লাট মণ্ডল

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰহা ৰাজহ চক্ৰৰ লাট মণ্ডল

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰহা ৰাজহ চক্ৰৰ লাট মণ্ডল

ডিজিটেল সংবাদ , নগাঁও : দৰমহা টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ। এইবাৰ ৰহাত ঘোচ লৈ হাত দাঙিলে এজন ঘোচখোৰ লাট মণ্ডলে।

Advertisment

ৰহা ৰাজহ চক্ৰৰ লাট মণ্ডল দিলীপ ৰয়ক শুক্ৰবাৰে ঘোচ লোৱা অৱস্থাতে হাতে-লোটে ধৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই। জানিব পৰা মতে, ৰহা ৰাজহ চক্ৰত কৰ্মৰত লাট মণ্ডল দিলীপ ৰয়ে কাকতিগাঁৱৰ আছাজুদ্দিন নামৰ লোকজনৰ পৰা ঋণ লোৱাৰ বাবে মাটিৰ নথিপত্ৰ দিয়াৰ নামত প্ৰথমে ২০ হাজাৰ টকা দাবী কৰিছিল।

পিচত ১৫ হাজাৰ টকাত মান্তি হৈ কিস্তি হিচাপত উক্ত ধনৰাশি দিবলৈ দাবী কৰে। সেইমতে শুক্ৰবাৰে লাট মণ্ডল দিলীপ ৰয়ে আছাজুদ্দিনৰ পৰা প্ৰথম কিস্তিৰ ৫ হাজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰে।

Also Read: ড্ৰাগছৰ বিৰুদ্ধে কমাৰবন্ধাত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

Lat mandal revenue circle