ড্ৰাগছৰ বিৰুদ্ধে কমাৰবন্ধাত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ড্ৰাগছৰ বিৰুদ্ধে কমাৰবন্ধাত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
ড্ৰাগছৰ বিৰুদ্ধে কমাৰবন্ধাত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ বৃহত্তৰ কমাৰবন্ধা অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে শুকুৰবাৰে সৰৱ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কমাৰবন্ধা আঞ্চলিক সমিতি। ড্ৰাগছৰ অবাধ প্ৰচলন আৰু ব্যৱসায় বন্ধ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ৰ মূল্য বৃদ্ধি ৰোধ কৰাৰো দাবীত আজি পৰিষদৰ সদস্যসকলে ২ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

Advertisment

প্ৰতিবাদকাৰীসকলে ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰক,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লগানেৰে কমাৰবন্ধাৰ আকাশ-বতাহ উত্তাল কৰি তোলে । পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰাজীৱ দাস, বাবুল দত্তৰ নেতৃত্বত শুকুৰবাৰে অনুষ্ঠিত ধৰ্মঘটৰ সময়ত পৰিষদৰ কৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবেও বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি দাবী জনায়।

Also Read: গহপুৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

ajycp