/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/65ffe6cb-2f54-489b-ac30-9c441f38ba48/2.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ আজি ১মে'। সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে শ্ৰমিক দিৱস। শ্ৰমিক দিৱসটি কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই দিনযোৰা কাৰ্যসূচীৰে বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে। শ্ৰমিক দিৱসৰ কাৰ্যসূচী পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সন্থাৰ সভাপতি চইদুৰ ৰহমানে। দুপৰীয়া কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ উদ্যোগত বিশ্ব শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5683fe07-8365-4ef7-a8b6-63a88be6acb7/81e4c232_ef9d_4cb2_a4c9_d1921b02a8ef.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2c74d2e1-de57-4e08-be17-4764c4ca2e21/a6ecde11_3865_4ff3_8e13_8a6d2cc7ebef.jpg)
কচুৱা উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাখনত বক্তব্য প্ৰদান কৰে সমাজকৰ্মী ইছলাম কাজি, সংখ্যা লঘু ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ সভাপতি আব্দুল নুৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, লাচিত সেনাৰ মুখপাত্ৰ প্ৰকাশ বৰুৱা, নিলমনি শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/77df1186-2539-41cd-a962-832263a94a6f/ec3e1c93_ec11_4981_ba23_62dc02e14867.jpg)
ইয়াৰ উপৰিও ৰহা সমষ্টিৰ এ আই ইউ ডি এফৰ সভাপতি জহুৰ আলি, শিক্ষক আব্দুল ৰহিম, কচুৱা জুনিয়নৰ কলেজৰ অধ্যক্ষ আবুল হাচেন, মাধৱপাৰা হাইস্বুলৰ প্ৰধান শিক্ষক বাহাৰুল ইছলাম, কচুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক আলি আকবৰ, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিক কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানৰ লগতে কৰ্মকতাসকল আৰু অঞ্চলটোল বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ৷
Also Read: চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা শিক্ষকক নিলম্বন...