চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা শিক্ষকক নিলম্বন...

চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা শিক্ষকক নিলম্বন...

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী শিক্ষকক নিলম্বন। নিলম্বিত শিক্ষকগৰাকী হৈছে ২ নং পাটাবাৰী এল.পি. স্কুলৰ সহকাৰী শিক্ষক টেবাশ্রৌন ব্ৰহ্ম ।

নিলম্বিত শিক্ষক টেবাশ্রৌন ব্ৰহ্মৰ বিৰুদ্ধে যোৱা ৩এপ্ৰিলত কাজলগাঁৱত ইউপিপিএল দলৰ এখন মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰাৰ প্ৰমাণ সহ বিপিএফ দলৰ পৰা চিৰাং জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

উক্ত অভিযোগৰ ওচৰত নিৰ্ভৰ কৰি জিলা নিৰ্বাচনী বিষয়াই দুজনীয়া তদন্ত সমিতি গঠন কৰি তদন্তৰ ঘোষণা কৰিছিল। বেংতল ৰাজহচক্ৰ বিষয়া আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ তদন্ত আৰু প্ৰতিবেদন ওপৰত ভিত্তি কৰি মঙলবাৰে জিলা নিৰ্বাচনী বিষয়া পি. বিজয় ভাস্কৰ ৰেড্ডীয়ে শিক্ষক টেবাশ্রৌন ব্ৰহ্মক নিলম্বন কৰে। লগতে ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত কৰ্তব্যৰ পৰাও টেবাশ্রৌন ব্ৰহ্মক বৰ্খাস্ত কৰিছে।

চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা শিক্ষকক নিলম্বন...
চছল যুৱক সংঘৰ ব'হাগী উৎসৱৰ সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in