এগৰাকী বাতৰি কাকত বিতৰকৰ কৰুণ জীৱন গাঠা...

দুৰ্ঘটনাত পতিত হৈ দীৰ্ঘদিনে হৈ আছে অসুস্থ
এগৰাকী বাতৰি কাকত বিতৰকৰ কৰুণ জীৱন গাঠা...
এগৰাকী বাতৰি কাকত বিতৰকৰ কৰুণ জীৱন গাঠা...

ডিজিটেল সংবাদ কঠীয়াতলীঃ নগাওঁ জিলাৰ কঠীয়াতলী নামবৰ লালুং গাঁৱৰ নিবাসী নুৰ মহম্মদ খাৰ কৰুণ জীৱন গাঠাই চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে সাধাৰণ লোকক কিমান সহায় কৰিছে সেই বিষয়টোৰ সন্দৰ্ভত নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে। ২০২০ চনত বাতৰি কাকত বিতৰণ কৰিব গৈ এক দুৰ্ঘটনাত পতিত হৈ বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ আছে নুৰ মহম্মদ খা।

উল্লেখ্য যে সুদীৰ্ঘ ১৬ টা বছৰ অঞ্চলটোৰ লোকসকলৰ মাজত বাতৰি কাকত বিতৰণ কৰি আহিছে নুৰ মহম্মদ খায়ে।বৰ্তমানেও ৰুগ্ন দেহাৰে এখন ই-ৰিক্সাৰ জৰিয়তে জাৰ, জহ, ৰ'দ, বৰষুণ নেওঁচি কাহিলী পুৱাতে তেওঁ ওলাই আহে বাতৰি কাকত বিতৰণৰ বাবে। শাৰিৰীকভাবে অসুস্থ এইজন লোকে চিকিৎসাৰ নামত বহু টকা খৰচ কৰিলে যদিও আৰ্থিক অনাটনৰ বাবে উন্নত মানৰ চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে ।

ভঙা পজাৰ মাজতে এতিয়া জীৱন নিৰ্বাহ কৰা এই নুৰ মহম্মদে বিচাৰিছে এটা চৰকাৰী আৱাস গৃহ । বৰ্তমান সময়ত তেওঁ এতিয়া অসহায়। বিচাৰিছে চৰকাৰ তথা ৰাইজৰ পৰা অলপমান সহায়।

চৰকাৰ তথা ৰাইজৰ অলপমান সহায়ে এই লোকজনক কিছু পৰিমানে সকাহ দিব।ইতিমধ্যে নুৰ মহম্মদৰ এই কৰ্মৰ প্ৰতি স্বীকৃতি ৰূপে কঠীয়াতলী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিপুল সন্বৰ্ধনা জনোৱা হৈছে। কিন্তু তেওঁক এতিয়া সুস্থ হৈ উঠিবৰ বাবে উন্নত চিকিৎসাৰ প্ৰয়োজন। তাৰ বাবে প্ৰয়োজন ধন। সেয়ে যদিহে কোনো সদাশয় ব্যক্তিয়ে এই লোক জনক আৰ্থিকভাবে সহায় কৰিব বিচাৰে তেন্তে পোনপটিয়াকৈ তেওঁৰ নিজা বেংক একাউন্টত আৰ্থিক সাহায্য দিব পাৰিব। অথবা তেওঁৰ মোবাইল নম্বৰত ইউ পি আইৰ জৰিয়তেও সহায় কৰিব পাৰিব। তেওঁৰ ফোন নম্বৰ 8011782451। তেওঁৰ বংকৰ সবিশেষ - A/C NO- 3417852022, IFSC- CBINO283223, BRANCH- C.B.I.KATHIATOLI

এগৰাকী বাতৰি কাকত বিতৰকৰ কৰুণ জীৱন গাঠা...
নিতাল পৰিল শংকৰ সংঘৰ অধিবেশনস্থলীঃ চকুলোৰে বিদায় ল'লে প্ৰতিনিধিসকলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in