কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ...

কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ...

author-image
Asomiya Pratidin
New Update
কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ...

কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ...

ডিজিটেল সংবাদ কামপুৰঃ সম্প্ৰীতিৰ মিলন ভূমিলৈ পৰিণত সংখ্যালঘু বসতি প্ৰধান অঞ্চল নগাঁও জিলাৰ কচুৱা। এই অঞ্চলতে অনুষ্ঠিত হৈছে কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী। ২৫ খন পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই ৰূপালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিৰ কৰা হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত সমাহাৰ ঘটিল বিভিন্ন, জনগোষ্ঠীৰ বাৰে বৰণীয়া সংস্কৃতিৰ।

Advertisment

উল্লেখ্য যে, ১৯৯৮ চনৰ ২২ ডিচেম্বৰত কচুৱা তিনিআলিৰ গোৱিন্দ ভৱনত কচুৱা অঞ্চলৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক আৰু বহুকেই জন গুণীজ্ঞানী ব্যক্তিৰ মহান প্ৰচেষ্টাত জন্ম লাভ কৰা কচুৱা প্ৰেছ ক্লাৱে ২০২৩ বৰ্ষত ২৫ বছৰত ভৰি দিলে। সেয়ে এই ৰূপালী জয়ন্তী অনুষ্ঠান ধমুধামেৰে অনুষ্ঠিত কৰা হৈছে।

৩০ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা এই ৰূপালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি বহু কেইটা বৰ্ণাঢ্য কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। শনিবাৰে পুৱাই ৰূপালী জয়ন্তী উদযাপনস্থলীত ২৫ খনকৈ পতাকা উত্তোলন কৰাৰ লগতে বন্তি প্রজ্বলন, শ্বহীদ তৰ্পন আদি কাৰ্যসূচীও অনুষ্ঠিত হয়। ইয়াৰ উপৰিও আজি অনুষ্ঠিত হ'ব কুইজ,তৰ্ক আৰু বিভিন্ন নৃত্যৰ প্ৰতিযোগিতা।

Also Read: মায়ঙৰ কুৰানীবৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন...

কচুৱা