চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ...

কলিয়াবৰ মহকুমা প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ...
চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ...
Published on
Updated on

ডিজিটেল সংবাদ কলিয়াবৰঃ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৩৫৫৬টা বেকলগ পদ আৰু ২০০০ টকাকৈ মাহিলী পেঞ্চনৰ ধন শীঘ্ৰে মুকলি কৰি নিদিলে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। কলিয়াবৰ মহকুমা প্ৰতিবন্ধী সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত দেওবাৰে উপস্থিত থাকি এই হুংকাৰ দিলে অসম প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ ৰাজ্যিক সম্পাদক নৃপেন মালাকাৰে।

ৰাজ্য চৰকাৰে প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৪৪১৯টা বেকলগ পদৰ ৮৬৩টা পদহে মুকলি কৰি দিয়াৰ বিপৰীতে এতিয়াও ৩৫৫৬টা পদ মুকলি কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰে ৰাজ্যিক সম্পাদকগৰাকীয়ে। আনহাতে, ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা প্ৰতিবন্ধীসকলৰ ২০০০ টকাৰ মাহিলী পেঞ্চন বন্ধ কৰি ৰখা বিষয়তো উদ্বেগ প্ৰকাশ কৰে সম্পাদক নৃপেন মালাকাৰে।

৩০ ছেপ্টেম্বৰৰ ভিতৰত মাহিলী পেঞ্চন আৰু বেকলগ পদসমূহ মুকলি কৰি নিদিলে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সভাতে ঘোষণা কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে। উল্লেখ্য যে, চৰকাৰী আৱাসগৃহকে ধৰি দিব্যাংসকলে পাবলগীয়া বহু সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ থকাত সভাত ক্ষোভ উজাৰে সন্থাৰ বিষয়ববীয়াসকলে।

দিব্যাংগসকলৰ অভাৱ-অভিযোগ আৰু সমস্যাৰাজিৰ ওপৰতো সভাখনত আলোচনা কৰা হয়। কলিয়াবৰ মহকুমা প্ৰতিবন্ধী সন্থাৰ সভাপতি টংকেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শিক্ষক মণি শৰ্মা আৰু সাংবাদিক তপন শইকীয়াইয়ো বক্তব্য ৰাখে। কলিয়াবৰৰ কুঁৱৰীটোল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাখনত কলিয়াবৰৰ শতাধিক দিব্যাংগ লোক উপস্থিত থাকে।

চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ...
মুছলপুৰত মদাহি জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ আৰু জাতীয় অভিৱৰ্তন সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in