ডিজিটেল সংবাদ বাক্সাঃ বহুধা বিভক্ত মদাহি জনগোষ্ঠীটোক একত্ৰিত কৰাৰ উদ্দেশ্যে বাক্সাৰ মুছলপুৰত শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা মদাহি জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ আৰু জাতীয় অভিৱৰ্তনৰ আজি সামৰণি পৰে। মুছলপুৰৰ প্ৰয়াত সোণেশ্বৰ মদাহি সাংস্কৃতিক ভৱনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই জাতীয় অভিৱৰ্তনৰ পুৱা এক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।
মহাদি সাহিত্য পৰিষদৰ সম্পাদক চন্দন মদাহিয়ে শুভ উদ্বোধন কৰা এই শোভাযাত্ৰাত মদাহিসকলৰ স্বকীয় সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছতে মদাহি জাতীয় পৰিষদৰ কোষাধ্যক্ষ ধনজিৎ মদাহিৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।
মুকলি সভাত মদাহি সাহিত্য পৰিষদৰ সভাপতি সৰ্বেশ্বৰ মদাহি উপস্থিত থাকি ৰাজ্যখনৰ অন্যতম জনজাতি মদাহিসকলক একত্ৰিত হৈ জাতিটোৰ উন্নয়নৰ হকে কাম কৰিবলৈ আহ্বান জনায়।
সেইদৰে মদাহি জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পংকজ দাস মদাহিয়ে জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনক একত্ৰিকৰণ কৰাৰ লগতে স্বকীয় সংস্কৃতিক আগবঢ়াই নিয়াৰ বাবে এই জাতীয় অভিৱৰ্তনৰ লগতে সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হৈছে বুলি জানিব দিয়ে।