নগাঁও জিলা আয়ুক্তই সাংবাদিকক অপদস্থ কৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ কলিয়াবৰ প্ৰেছ ক্লাবৰ...

নগাঁও জিলা আয়ুক্তই সাংবাদিকক অপদস্থ কৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ কলিয়াবৰ প্ৰেছ ক্লাবৰ...

ডিজিটেল সংবাদ কলিয়াবৰ: নগাওঁ জিলা আয়ুক্তই সাংবাদিক দীপাংকৰ মেধিক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বিৰুদ্ধে শনিবাৰে কলিয়াবৰ প্ৰেছ ক্লাবে কলিয়াবৰৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক ক্ৰমে তৰুণ মুক্তিয়াৰ আৰু গৌতম কুমাৰ বৰাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে প্ৰদান কৰা স্মাৰক পত্ৰখনিত উল্লেখ কৰে যে, জিলা আয়ুক্তগৰাকীৰ এনে কাণ্ডক প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী কৰে ।

এগৰাকী সাংবাদিকক অপৰাধীৰ দৰে আৰক্ষীয়ে চোচৰাই দিয়া কাৰ্যকো কঠোৰ ভাষাৰে সমালোচনা কৰে কলিয়াবৰৰ সাংবাদিকসকলে। সাংবাদিকৰ বিৰুদ্ধে এনে অপমানসূচক ব্যৱহাৰ তথা আক্ৰমণ বন্ধ কৰিবৰ বাবেও সংশ্লিষ্টসকলোকে সকীয়াই দিয়ে কলিয়াবৰ প্ৰেছ ক্লাবে।

আজিৰ সজাতি দলটোত অংশ লোৱা সদস্যসকল হ'ল ক্ৰমে গোলাপ শইকীয়া, অমূল্য বৰা, প্ৰদীপ লস্কৰ, ৰূপজ্যোতি গোস্বামী, আশীষ কুমাৰ শইকীয়া, দিবাকৰ দাস, দীপু বৰা, অংকুৰ হাজাৰী আদি।

নগাঁও জিলা আয়ুক্তই সাংবাদিকক অপদস্থ কৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ কলিয়াবৰ প্ৰেছ ক্লাবৰ...
গুণোৎসৱত বড়ো ভাষাৰ সলনি ইংৰাজী ভাষাত প্ৰশ্ন কাকতঃ এবছু, বড়ো সাহিত্য সভাৰ উদ্যোগত পৰীক্ষা বৰ্জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in