গুণোৎসৱত বড়ো ভাষাৰ সলনি ইংৰাজী ভাষাত প্ৰশ্ন কাকতঃ এবছু, বড়ো সাহিত্য সভাৰ উদ্যোগত পৰীক্ষা বৰ্জন...

গুণোৎসৱত বড়ো ভাষাৰ সলনি ইংৰাজী ভাষাত প্ৰশ্ন কাকতঃ এবছু, বড়ো সাহিত্য সভাৰ উদ্যোগত পৰীক্ষা বৰ্জন...
গুণোৎসৱত বড়ো ভাষাৰ সলনি ইংৰাজী ভাষাত প্ৰশ্ন কাকতঃ এবছু, বড়ো সাহিত্য সভাৰ উদ্যোগত পৰীক্ষা বৰ্জন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ পঞ্চম বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ বাহ্যিক মূল্যায়ন পৰীক্ষাৰ অন্তিম দিনা আজি কোকৰাঝাৰত এবছু আৰু বড়ো সাহিত্য সভাই ষষ্ঠ শ্ৰেণীৰ বড়ো মাধ্যমৰ শিক্ষাৰ্থীক গুণোৎসৱত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখে। গুণোৎসৱত বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত বড়ো ভাষাৰ সলনি ইংৰাজী ভাষাত ছপোৱাক কেন্দ্ৰ কৰিয়ে এবছু আৰু বড়ো সাহিত্য সভা ক্ষুব্ধ হৈ পৰে আৰু তাৰেই পৰিণতিত আজি এবছু আৰু বড়ো সাহিত্য সভাই ষষ্ঠ শ্ৰেণীৰ বড়ো মাধ্যমৰ শিক্ষাৰ্থীক গুণোৎসৱত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখে।

যাৰ পৰিণতিত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়কে ধৰি ২৪ খন বিদ্যালয়ৰ বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে গুণোৎসৱৰ পৰীক্ষা বৰ্জন কৰিলে। কোকৰাঝাৰ জিলা এবছুৰ সভাপতি খাম্ফা বসুমতাৰী আৰু কোকৰাঝাৰ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক দোমাচু ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে, নতুন শিক্ষা নীতি অনুসৰি বড়ো মাধ্যমৰ শিক্ষাৰ্থীয়ে নিজৰ ভাষাতে গুণোৎসৱৰ মূল্যায়নত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব লাগিছিল কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈ নুঠিল।

বিষয়টো সন্দৰ্ভত পূৰ্বতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে আলোচনা কৰা হৈছিল যদিও কাৰ্যকৰী নহ'ল । সেয়ে যেতিয়ালৈকে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু অংক বিষয়ৰ প্ৰশ্নকাকত ইংৰাজী ভাষাৰ পৰিবৰ্তে বড়ো ভাষাত যোগান নধৰে তেতিয়ালৈ পৰীক্ষা স্থগিত ৰখাৰ দাবী জনাইছে এবছু আৰু বড়ো সাহিত্য সভাই।

উল্লেখ্য যে, কোকৰাঝাৰৰ শিক্ষা বিভাগে এইবাৰ গুণোৎসৱ অতি নিয়াৰীকৈ অনুষ্ঠিত কৰাত সফল হৈছে । কোনো বিদ্যালয়তে কোনোধৰণৰ খেলিমেলি হোৱা নাই । প্ৰতিখন বিদ্যালয়তে প্ৰয়োজন অনুসৰি এজনৰ পৰা ১১৫ জনলৈকে পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছিল ।

শিক্ষাবিভাগৰ দূৰদৰ্শী চিন্তাৰ বাবেই এইবাৰ পোন প্ৰথমবাৰৰ বাবে সন্ধিয়াৰ পূৰ্বেই সকলো বিদ্যালয়তে গুণোৎসৱৰ কাৰ্যক্ৰমনিকা শেষ হয়।প্ৰণিধানযোগ্য আজি ১৪০ খন বিদ্যালয়ৰ ১১,৫৪৫ জন ছাত্ৰ -ছাত্ৰীৰ ভিতৰত ১০,৮২৭ গৰাকী ছাত্ৰ -ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰে।

গুণোৎসৱত বড়ো ভাষাৰ সলনি ইংৰাজী ভাষাত প্ৰশ্ন কাকতঃ এবছু, বড়ো সাহিত্য সভাৰ উদ্যোগত পৰীক্ষা বৰ্জন...
আৰক্ষীৰ চাপত কোকৰাঝাৰত এন এল এফ বিয়ে ত্যাগ কৰিলে শিৱিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in