/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8e9662f3-3d71-4676-812c-8ea75e3d0712/koliabor_21.jpg)
চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ঃ নাই আন্তঃগাঁথনি, নাই শিক্ষক, বস্তা পাৰিয়েই শিক্ষা গ্ৰহণ শিক্ষাৰ্থীৰ
ডিজিটেল সংবাদ কলিয়াবৰঃ চাহ বাগিচাত স্থাপিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সম্প্ৰতি পুতৌ লগা ছবিয়ে স্তম্ভিত কৰি তুলেছে শিক্ষানুৰাগী মহলক। চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সুবিধা দিয়াৰ নামত চৰকাৰৰ চূড়ান্ত প্ৰহসনে শিক্ষা ব্যৱস্থাটোক শ্মশান যাত্ৰালৈ পৰ্যবসিত কৰা বুলি কলেও হয়টো অত্যুক্তি কৰা নহ'ব। আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত চলা পুতৌলগা পাঠদানৰ প্ৰক্ৰিয়াই প্ৰতিগৰাকী সচেতন ব্যক্তিৰ চকু কঁপালত তুলিব ৷
কলিয়াবৰত চাহ বাগিচাত স্থাপিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে দুখ লগা ছবি। দুবছৰ পূৰ্বেই স্থাপন হোৱা আদৰ্শ বিদ্যালয়ত প্ৰয়োজনীয় শ্ৰেণীকোঠা আৰু ডেক্স-বেঞ্চৰ অভাৱত মজিয়াত বহি একেলগে তিনিটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিব লগা হৈছে পাঠগ্ৰহণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/245946a3-07ad-4a1a-a09d-9c1c0e17a486/cdcf0e54-b6fb-4fa0-a3bc-4e3e44cdcaf9.jpg)
আনহাতে, পৰ্যাপ্ত শিক্ষকৰ অভাৱত উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান কৰিব লগা হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে। কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত ২০২২ চনৰ ১ এপ্ৰিলত স্থাপিত হোৱা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খনত আজি পৰ্যন্ত নহ'ল প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নয়ন।
নাই পৰ্যাপ্ত শ্ৰেণীকোঠা, নাই ডেক্স-বেঞ্চ, নাই পৰ্যাপ্ত শিক্ষক। উৎকট গৰমতো নৱম আৰু দশম শ্ৰেণীত এখন ডেক্সতে বহিব লগা হৈছে সাতগৰাকী পৰ্যন্ত ছাত্ৰ-ছাত্ৰী। আনহাতে, একেটা শ্ৰেণীকোঠাতে একেলগে মজিয়াত বহি পাঠ গ্ৰহণ কৰিব লগা হৈছে বিদ্যালয়খনৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে।
মজিয়াত বস্তা পাৰি বহি পাঠগ্ৰহণ কৰিব লগা হয় ছাত্ৰ-ছাত্ৰীয়ে। আনকি বৈদ্যুতিন উপায়ৰে পাঠদান চলা স্মাৰ্ট শ্ৰেণীকোঠাতো মজিয়াত ডাঠ কাগজ পাৰি বহি পাঠগ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে। নাই স্মাৰ্ট শ্ৰেণীকোঠাত থাকিব লগা পৰ্যাপ্ত সুবিধাও।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3113e358-26cd-4c60-9c64-3b2718f2f68f/4d762f50-e7f4-4c11-a2bc-8044cac3bf60.jpg)
ইফালে, বিদ্যালয়খনৰ মুঠ ৩১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ ৬ গৰাকী। বৰ্তমানলৈকে চৰকাৰে এজনো স্থায়ী শিক্ষক নিযুক্তি দিয়া নাই এই আদৰ্শ বিদ্যালয়ত। অন্য বিদ্যালয়ৰ পৰা অনা সংযুক্ত শিক্ষকৰেহে চলি আছে আদৰ্শ বিদ্যালয়খন।
অধ্যক্ষৰ বাহিৰে বাকী কেউগৰাকী শিক্ষকেই হৈছে অন্য প্ৰাথমিক বিদ্যালয়ৰ পৰা সংযুক্ত হৈ অহা। বিষয় অনুপাতে পৰ্যাপ্ত শিক্ষকৰ অভাৱত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান কৰিব লগ হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ac462cf5-fe8d-49fa-90c0-ec0a3be2b737/c75a1215-b613-4f54-8b9d-c5553f47e732.jpg)
উল্লেখ্য যে, ২০২২ চনত ৰাজ্যৰ চাহ জনজাতি অধ্যুষিত এলেকাত ১১৯ খনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছিল ৰাজ্য চৰকাৰে। ইয়াৰে নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাত তিনিখন বিদ্যালয়সহ জিলাখনত মুঠ চাৰিখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2fdd2497-e9ec-457f-af26-897bf9c8a2f3/a57d4669-65c5-4fba-99ae-7f131cac09cb.jpg)
পিছে নামতহে এই বিদ্যালয়সমূহ আদৰ্শ বিদ্যালয় হোৱাৰ অভিযোগ স্থানীয় ছাত্ৰ সংগঠনৰ। কেলিডেন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ লগতে একেই দুৰৱস্থা কলিয়াবৰ পুৰণা শালনা আৰু ডিজুভেলী চাহ বাগিচাত স্থাপিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰো। প্ৰয়োজনীয় আন্তঃগাঁথনি অবিহনে এই আদৰ্শ বিদ্যালয়সমূহত কি দৰে বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত শিক্ষা গ্ৰহণ কৰিব পাৰিব? সেয়া এক চিন্তনীয় বিষয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4a9a2d5f-3a1a-4e6c-af59-81994beae6b6/5c045aab-ebed-4f1d-a3fb-f6f77d057c5b.jpg)
Also Read: কলাকাতাত চিকিৎসা কৰিব আহি সন্ধানহীন বাংলাদেশৰ সাংসদঃ অপহৰণ হোৱাৰ সন্দেহ...