অটোৰ পৰা পৰি মন্দিৰৰ সমীপত এজন লোকৰ কৰুণ মৃত্যু

লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।
অটোৰ পৰা পৰি মন্দিৰৰ সমীপত এজন লোকৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ, লামডিংঃ লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । লামডিং-লংকা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ঘণ্টা মন্দিৰৰ ওচৰত এখন অ'টৰ পৰা পৰি এজন যাত্ৰীৰ কৰুণ মৃত্যু ঘটে ।

মৃত ব্যক্তি জন লামডিং ইটাভাটিৰ বাসিন্দা দিলবৰ হুচেন বুলি জানিব পৰা গৈছে । লংকাৰ পৰা লামডিং লৈ অ'টখনত আহি থকা অৱস্থাত যাত্ৰীজনে টোপনিয়াই আহিছিল যাৰ ফলত ঘণ্টা মন্দিৰৰ সমীপতত অ'টৰ পৰা সৰকি পৰি এই দুৰ্ঘটনা সংঘটিত হয় ।

ব্যক্তি জনক লামডিং সমূহীয়া স্বাস্থ্য কেন্দ্ৰত অনা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দিলবৰ হুচেইনৰ কৰুন মৃত্যুই শোকৰ ছাঁ পেলাই ইটাভাটা অঞ্চলত।

অটোৰ পৰা পৰি মন্দিৰৰ সমীপত এজন লোকৰ কৰুণ মৃত্যু
ওৰাঙত বাহনসহ ১৬ টা চোৰাং গৰু জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in