/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7173442b-f939-4d2d-a3b3-6af580224b45/35.jpg)
ডিজিটেল সংবাদ,ধেমাজি : অসমৰ সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাক শনিবাৰে ধেমাজি প্ৰেছ ক্লাৱত ধেমাজিৰ বিভিন্ন দল-সংগঠনৰ সভাপতি, সম্পাদকৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান আৰু জিলাখনৰ আটাইকেইটা শাখা সাহিত্য সভাৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আঁত ধৰে ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5462ec89-5141-4f73-8d75-665344f28536/a7d99164_cafb_4a38_8930_857afcc268b3.jpg)
অসম সাহিত্য সভাৰ উদ্বোধনী গীতেৰে আৰম্ভ কৰা সম্বধৰ্না সভাত ধেমাজি জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰনজিৎ চিৰিং, বিত্তীয় উপসমিতিৰ কাৰ্যকৰী সভাপতি ড° জয় কুমাৰ দলে, লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱা, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱা, অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি উষা বৰগোহাঁই, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নন্দেশ্বৰ বৰগোহাঁই,ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিতিক পেন্সনাৰ বিমল ৰাজখোৱাই অসম সাহিত্য সভাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c4c3f7ec-a2d4-4268-8458-31a89e4438cf/0437b1bd_d59b_44a9_8f9a_8d68f119e261.jpg)
সভাত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক সুৰেন গগৈ, অসম সাহিত্য সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত ভাগৱতী, ধেমাজিৰ বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ বগেন গগৈ আদিয়ে ভালেসংখ্যক দল-সংগঠনে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সুৰ্য্য হাজৰিকাক বিপুল সম্বৰ্ধনা জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5c58c40b-5b0a-4081-afdc-8d6d6b3dfbe2/f64a83a2_2bd9_4bef_ab9e_c7f63e4f8b67.jpg)
সম্বধৰ্না কাৰ্য্যসূচীৰ অন্তত ড° সূৰ্য্যকান্ত হাজৰিকাই কয় যে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰলৈকে আমি চৰ্চা আগবঢ়াই নিব লাগিব। অসম সাহিত্য সভা হ'লেহে অসমৰ ভাষা-সংস্কৃতি শক্তিশালী হ'ব ৷ সেয়ে অসম সাহিত্য সভাই অসমৰ বাহিৰৰ দিল্লী,মুম্বাই ,আমেদাবাদৰ উপৰি দেশৰ বাহিৰৰ আমেৰিকা,ইংলেণ্ড আৰু কুৱেটতো সাহিত্য সভাৰ শাখা ইতিমধ্যে গঠন কৰা হৈছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4f56ff5a-91fb-409e-92ea-bfa2f284da66/3edb8d19_2b47_473c_b254_244d8e418c42.jpg)
প্ৰসংগক্ৰমে সভাপতিগৰাকীয়ে গ্ৰন্থ আৰু আলোচনী সংৰক্ষণৰ ব্যৱস্থা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা কথা সদৰি কৰে ৷ ইতিমধ্যে বহু আগতে প্ৰকাশিত মূল্যবান গ্ৰন্থ আৰু আলোচনীসমূহ দুষ্প্ৰাপ্য হৈ পৰাৰ কথা উল্লেখ কৰি এই মূল্যবান গ্ৰন্থ আৰু আলোচনী কেতিয়া, কাক, ক'ত কামত লাগিব কোনোও ক'ব নোৱাৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e3cf17b3-8d93-40a8-a748-0cbd5d1e2e4c/da1a8418_8510_4795_b58e_6fa16117831e.jpg)
সেইয়ে তেওঁ এইসমূহ সংৰক্ষণৰ ব্যৱস্থাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰে আৰু সভাত উপস্থিত থকা সাহিত্য অনুৰাগীকো সংৰক্ষণ কৰিবলৈ আহবান জনায় ৷
Also Read: নিউ গুৱাহাটীত সুধাকণ্ঠৰ স্মৃতি দিৱস পালন