
ডিজিটেল সংবাদ,নগাঁও : কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে গ্ৰহণ কৰা জনস্পৰ্ক ৰক্ষা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি মঙলবাৰে নগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু।কেন্দ্ৰীয় মন্ত্ৰীজনে ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলা সমিতিৰ সতে আলোচনাত মিলিত হোৱাৰ পিছত নগাঁও আৱৰ্ত ভৱনত এখন সংবাদ মেল সম্বোধন কৰে।
কেন্দ্ৰীয় মন্ত্ৰী জনে কয় যে-দেশৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্ব আছে।কিন্তু পূৰ্বৰ চৰকাৰে সেই গুৰুত্ব প্ৰদান কৰা নাছিল।কিন্তু অটল বাজপেয়ী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে এটা বিশেষ বিভাগ গঠন কৰে।নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পিচত নিৰ্দেশ দিছিল।কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যিক মন্ত্ৰীয়ে প্ৰতি মাহে উত্তৰ পূৰ্বাঞ্চল পৰিদৰ্শন কৰিব লাগে।
তেতিয়াৰ পৰা মন্ত্ৰী সকলে উত্তৰ পূৰ্বাঞ্চল পৰিদৰ্শন কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেও ৫১ বাৰ উত্তৰ পূৰ্বাঞ্চল পৰিদৰ্শন কৰি ইয়াৰ উন্নয়নৰ চিন্তা কৰিছিল।কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে লগতে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত পথৰ দুৰাৱস্থাৰ কথা সমালোচনা কৰি কয় যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কাৰ্যকালত দলং,পথৰ উন্নয়ন হৈছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি তেওঁ কয় যে-উত্তৰ-পূৰ্বাঞ্চলৰ হৃদপিণ্ড হৈছে অসম।এই অসমৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট কৰিছে।কেন্দ্ৰীয় মন্ত্ৰী জনে কয় যে-যদিও মই অৰুণাচলৰ তথাপিও মই অসমীয়া বুলি নিজকে ভাবো।কাৰণ মই যেতিয়া জন্মগ্ৰহণ কৰিছিলো তেতিয়া অৰণাচল অসমৰ ভিতৰতে আছিল।
ইপিনে বতৰৰ প্ৰতিটো মুহুৰ্তৰ খবৰ লাভ কৰাৰ বাবে নতুন প্ৰযুক্তিৰে কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লোৱাৰ কথাও ঘোষণা কৰি Fastest supper কম্পিউটাৰ ব্যৱস্থা কৰা হ'ব বুলিও সংবাদ মেলত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে। মণিপুৰত হোৱা সংঘাত আৰু পৰিবেশ দিৱসৰ দিনা অৰুণাচলীয়ে চলোৱা গুলীচালনাও অনাকাংক্ষিত বুলি উল্লেখ কৰি মণিপুৰৰ ঘটনা কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে নিজে পৰ্যবেক্ষণ কৰা বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী জনে।
তেওঁ সীমান্তত থকা সকলোকে মিলা-প্ৰীতিৰে থাকিবলৈও আহ্বান জনায় ।আজি নগাঁৱত আয়োজন কৰা সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগত উপস্থিত থাকে সাংসদ ৰাজু বিস্তা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামী, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ,বিজেপি নেতা দীপলু ৰঞ্জন শৰ্মা।