নগাঁৱত পিতৃক আহত কৰি কন্যাক বিচনাৰ পৰা উঠাই নিলে দুৰ্বৃত্তই

নগাঁৱত পিতৃক আহত কৰি কন্যাক বিচনাৰ পৰা উঠাই নিলে দুৰ্বৃত্তই

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰত ভয়ংকৰ ঘটনা । মৰিকলং টাউন আৰক্ষী চকীৰ ওচৰৰ পৰা নিশা ১৮ বছৰীয়া যুবতীক অপহৰণ কৰে। নিশা নিদ্ৰাৰত অৱস্খাৰ পৰা হাৰিয়ানাৰ এটা দলে জ্যোতি সিং নামৰ যুবতীজনীক অপহৰণ কৰে। হাৰিয়ানাৰ বিৰ্জু সিং ওৰফে ধৰম সিঙৰ নেতৃত্বত অহা মহিলা সহ প্ৰায় ৭জনীয়া এটি দলে জ্যোতিক অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Advertisment

অপহৃত জ্যোতি সিঙৰ ঘৰ পাঞ্জাৱত। পিতৃ বিজেন্দ্ৰ সিঙৰ লগতে মুঠ ৭জনীয়া পৰিয়ালটো যোৱা এটি পষেক ধৰি নগাঁৱৰ মৰিকলঙত আছে। পিতৃ বিজেন্দ্ৰৰ হৈছে আয়ুৰ্বেদিক ঔষধ বিক্ৰেতা। পৰিয়াল সহ এখন গাড়ী লৈ বিজেন্দ্ৰৰে আয়ুবেদিক ঔষধ বিক্ৰি কৰি পৰিয়াল পোহপাল দিয়াই নহয় বিজেন্দ্ৰৰ মূল ব্যৱসায়ৰ ক্ষেত্ৰ হৈছে অসম ।

পিতৃ বিজেন্দ্ৰৰ সিঙে সংবাদ মাধ্যমক জনোৱা মতে পাঞ্জাবত থাকোতে কন্যা জ্যোতিক মোটা ধনৰ বিনিময়ত ক্ৰয় কৰিব বিচাৰিছিল হাৰিয়ানাৰ দলটোয়ে। পিতৃ বিজেন্দ্ৰৰ মান্তি নোহোৱাত দলটোৱে আক্ৰমণ কৰিছিল। পিছত পৰিয়াল সহ বিজেন্দ্ৰৰ অসমলৈ আহে।

জালুকবাৰীৰ পৰা তেওঁৰ ১২বছৰীয়া কন্যাক অপহৰণ হয়। আৰক্ষীয়ে দুদিনৰ ভিতৰত বিৰ্জু আৰু যোগেন্দ্ৰৰ সিঙ নামৰ দুজনক গ্ৰেপ্তাৰ কৰি অপহৃত নাবালিকাক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিছিল।

এই ঘটনাৰ পিছত মঙলবাৰে নিশা জ্যোতিক অপহৰণ কৰি নিয়াৰ লগতে পিতৃ বিজেন্দ্ৰক মূৰত আঘাট কৰি আহত কৰে। ঘটনাৰ সন্দৰ্ভত মৰিকলং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোয়ে। অৱশ্যে এই ঘটনাৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।

Also Read: ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা

kidnapping case morikalang kidnapping