ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা

ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ,চিলাপথাৰ : কিছুদিন পূৰ্বে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক বুধবাৰে স্কুল কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে বিদ্যালয়খনে বিগত কেইবাবছৰ ধৰি ডিমৌৰ বিদ্যায়তনিক দিশত বিশেষ ভূমিকা আগবঢ়াই আহিছে।

Advertisment

উক্ত অনুষ্ঠানৰ আঁত ধৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰকান্ত ডিহিঙীয়াই। অধ্যক্ষগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ আশানুৰূপ ফলাফলে ৰাইজক প্ৰত্যাশিত সন্তুষ্টি দিয়া বুলি মন্তব্য কৰে। লগতে সকলোৰে উজ্বল ভবিষ্যতে কামনা কৰে।

বিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক ৰাজা পাংগিং আৰু শিক্ষক মহাবীৰ প্ৰসাদ মালাহে পৰিচালনা কৰা সম্বৰ্ধনা সভাৰখনৰ সঞ্চালন কৰে বিদ্যালয় পৰিচলনা সমিতিৰ উপ সভাপতি বিনোদ দলেই। বিদায়ী ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোচাৰ সম্বৰ্ধনা জনাই উৎসাহিত কৰে বিদ্যালয় পৰিয়ালটোৱে।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা মনোমোহা গীত নৃত্যই এক অনন্য মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত অভ্যাগত আৰু শিক্ষক কৰ্মচাৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে।

Also Read: পুনেত নাবালকৰ গাড়ীৰ খুন্দাত নিহত দুজন আই টি ইঞ্জিনিয়াৰ

student Dimau silapathar