প্ৰতিভা বিকাশৰ সফল মঞ্চ খেল মহাৰণ: বিধায়ক ৰূপক শৰ্মা

প্ৰতিভা বিকাশৰ সফল মঞ্চ খেৰ মহাৰণ: বিধায়ক ৰূপক শৰ্মা
প্ৰতিভা বিকাশৰ সফল মঞ্চ খেৰ মহাৰণ: বিধায়ক ৰূপক শৰ্মা

ডিজিটেল সংবাদ নগাঁও: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত সমগ্র অসমতে আয়োজিত ৰাজ্যখনৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা "খেল মহাৰণ ২০২৩-২৪" ৰ জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহ, নগাঁও জিলাত আজিৰে পৰা অহা ইংৰাজী ৮ জানুৱাৰীলৈকে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহৰ শুভ উদ্বোধনী অনুষ্ঠানটি আজি বিয়লি ৪-০০ বজাত নগাঁৱৰ নুৰুল আমিন খেলপথাৰত অনুষ্ঠিত হয় ।

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি নগাঁও সদৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাই তেওঁৰ ভাষণত কয় যে, এখন উপযুক্ত মঞ্চৰ অভাৱত আমাৰ বহু প্ৰতিভাবান খেলুৱৈয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পৰা নাছিল কিন্তু বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ প্ৰতিভাৰ বিকাশৰ বাবে গ্ৰহণ কৰা মঞ্চখনেই হ'ল এই খেল মহাৰণ।

তেওঁ লগতে জিলাখনৰ ৮ টা বিধানসভা সমষ্টিৰ পৰা জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতালৈ খেলাৰ যোগ্যতা অৰ্জনকাৰী খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে তেওঁৰ ভাষণত খেলুৱৈসকলক ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ।

অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় অতিৰিক্ত জিলা আয়ুক্ত (ক্ৰীড়া) লক্ষ্য জ্যোতি দাসে । উল্লেখযোগ্য যে, আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিভিন্ন সংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰতিযোগী খেলুৱৈসকলে কুজ-কাৱাজ প্ৰদৰ্শন কৰে ।

নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, নগাঁও পৌৰসভা পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস, সমাজকৰ্মী অভিজিত নাথ, জ্যেষ্ঠ সাংবাদিক মুনিন্দ্ৰ শইকীয়া, প্ৰমুখ্যে বহুগৰাকী আমন্ত্ৰিত অতিথি, জিলা প্ৰশাসন, জিলা ক্ৰীড়া বিষয়া কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল অনুষ্ঠানত উপস্থিত থাকে ।

প্ৰতিভা বিকাশৰ সফল মঞ্চ খেৰ মহাৰণ: বিধায়ক ৰূপক শৰ্মা
জ্যেষ্ঠ সংগীত শিল্পী ভূপেন উজীৰ অসুস্থ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in